মালয়েছিয়াক লাগে তেজছ যুদ্ধবিমান
নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ চীন বা ৰাছিয়াৰ যুদ্ধবিমান নহয়, ভাৰতৰ তেজছ ফাইটাৰ জেট ক্রয় কৰিবলৈ আগ্রহ প্রকাশ কৰিছে মালয়েছিয়াই৷ ইতিমধ্যে এই বিষয়টোক লৈ ভাৰতৰ সৈতে আলোচনাও কৰিছে পূব এছিয়াৰ দেশখনৰ একাংশ শীর্ষ বিষয়াই৷ ইফালে, হিন্দুস্তান এৰ’নটিক্ছ লিমিটেড (হাল)ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰ মাধৱনে সংবাদ মাধ্যমক জনোৱা অনুসৰি শীঘ্রে মালয়েছিয়াৰ সৈতে এই বিষয়টোক লৈ এক চুক্তি স্বাক্ষৰ হ’ব৷ সংবাদ সংস্থা পি টি আইৰ সৈতে হোৱা বার্তালাপত মাধৱনে উল্লেখ কৰিছে যে যুগৰ সৈতে খাপ খোৱাকৈ বায়ু সেনাৰ আধুনিকীকৰণত গুৰুত্ব আৰোপ কৰিছে মালয়েছিয়াই৷ দেশখনৰ বায়ু সেনাৰ পুৰণি যুদ্ধবিমানবোৰ সলনি কৰি ভাৰতৰ পৰা অত্যাধুনিক তেজছ যুদ্ধ বিমান ক্রয় কৰাৰ চিন্তা–চর্চা চলাইছে দেশখনৰ চৰকাৰে৷