নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাইজেৰিয়াত তিনি শতাধিক ছাত্রীক অপহৰণ সন্ত্রাসবাদীৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াৰ উত্তৰ–পশ্চিম প্রান্তৰ প্রদেশ জাম্ফাৰাৰ এখন বিদ্যালয়ৰ পৰা  অচিনাক্ত বন্দুকধাৰীয়ে অপহৰণ কৰিছে তিনি শতাধিক ছাত্রীক৷ আজি পুৱাৰ ভাগতে সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা৷ এগৰাকী শিক্ষকে সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি বন্দুকধাৰীৰ আক্রমণৰ পিছতে বিদ্যালয়ৰ তিনি শতাধিক ছাত্রী সন্ধানহীন হৈ আছে৷ বিগত কেইটামান সপ্তাহৰ ভিতৰত ইছলামিষ্ট সন্ত্রাসবাদীৰ নাইজেৰিয়াৰ বিদ্যালয়ত এয়া শিহৰণকাৰী অপহৰণ কাণ্ড৷

অৱশ্যে সবিশেষ তথ্য প্রকাশ কৰা নাই শিক্ষকগৰাকীয়ে৷ ইফালে, প্রদেশখনৰ গৱর্নৰেও আক্রমণ সংঘটিত হোৱাৰ কথা সদৰী কৰিছে যদিও অপহৰণ কাণ্ডৰ বিষয়ে কোনো তথ্য সংবাদ মাধ্যমক জনোৱা হোৱা নাই৷ যোৱা সপ্তাহত কাগাৰাৰ পৰা ২৭ শিক্ষার্থীসহ ৪২জন লোকক অপহৰণ কৰিছিল সন্ত্রাসবাদীয়ে৷ লক্ষণীয়ভাৱে বৃহৎ অংকৰ ধনৰাশিৰ বিনিময়ত সন্ত্রাসবাদীয়ে বিভিন্ন সময়ত অপহূত লোকসকলক মুকলি কৰি দি আহিছে নাইজেৰিয়াত৷ অর্থাৎ ধনৰ বাবেই সন্ত্রাসবাদীয়ে এনেদৰে গণপহৰণ সংঘটিত কৰি আহিছে সংঘর্ষজর্জৰ দেশখনত৷

যোৱা ডিচেম্বৰ মাহত তিনি শতাধিক স্কুলীয়া ল’ৰাক কাংকাৰাৰ পৰা অপহৰণ কৰিছিল ইছলামিষ্ট সন্ত্রাসবাদীয়ে৷ নাইজেৰিয়াত কুখ্যাত ইছলামিষ্ট সন্ত্রাসবাদী সংগঠন বকো হাৰামে দীর্ঘদিনৰে পৰা নিৰীহ লোকৰ ওপৰত আতিশয্য চলাই আহিছে৷ ২০১৪ চনত চিব’ক চহৰৰ পৰা ২৭৬গৰাকী স্কুলীয়া ছাত্রীক অপহৰণ কৰি বিশ্বজুৰি গৰিহণাৰ সন্মুখীন হৈছিল বকো হাৰাম৷

You might also like