নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীৰ ২ বছৰ আয়ুস টুটালে ক’ৰোনাই

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ মহামাৰী ক’ভিড–১৯এ বিধ্বস্ত কৰা বিশ্বত মানৱীয় জীৱনলৈ বিভিন্ন ইতিবাচক দিশ কঢ়িয়াই আনিছে৷ মানুহৰ জীৱনত বিভিন্ন পর্যায়ত নেতিবাচক প্রভাৱ পেলাইছে৷ জীৱন–জীৱিকাৰ প্রতি ভাবুকি কঢ়িয়াই অনা ক’ভিড–১৯ৰ বাবে মানুহৰ আয়ুস টুটিছে৷

মুম্বাইস্থিত ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ পপুলেচন ষ্টাডিজৰ শেহতীয়া বিশ্লেষণাত্মক প্রতিবেদনত ভাৰতীয় নাগৰিকৰ আয়ুসকাল প্রায় দুই বছৰ টুটা বুলি উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ বি এম চি পাব্লিক হেলথ শীর্ষক জার্নেলত প্রকাশিত এক তথ্যত ভাৰতীয় লোকৰ আয়ুস ক’ৰোনা মহামাৰীৰ বাবে দুই বছৰ হ্রাস পোৱা বুলি প্রকাশ পাইছে৷

ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ পাব্লিক ষ্টাডিজৰ অধ্যাপক সূর্যকান্ত যাদৱৰ নেতৃত্বত চলোৱা বিশ্লেষণাত্মক অধ্যয়নৰ প্রতিবেদনত প্রকাশ পোৱা মতে, ২০১৯ বর্ষত পুৰুষৰ আয়ুসকাল ৬৯.৫ বছৰ আৰু মহিলাৰ আয়ুসকাল ৭২ বছৰ৷ কিন্তু ক’ৰোনাই বিধ্বস্ত কৰা ২০২০ বর্ষত পুৰুষৰ আয়ুসকাল ৬৭.৫ আৰু মহিলাৰ আয়ুসকাল ৬৯.৮ বর্ষলৈকে হ্রাস পাইছে৷ অর্থাৎ ক’ৰোনাকালত জন্ম পোৱা শিশুসকলৰ আয়ুসকাল দুবছৰ হ্রাস পাইছে৷

লক্ষণীয় যে প্রতিবেদনত আয়ুসকালৰ অসমতাৰ কাৰণ হিচাপে ক’ভিড–১৯ক চিনাক্ত কৰা হৈছে৷ ক’ভিড–১৯ত আক্রান্ত হৈ ৩৯–৬৯ বয়সৰ মাজৰ লোক সর্বাধিকৰ প্রাণহানি হৈছে৷ প্রতিষ্ঠানটোৰ সঞ্চালক ড০ কে এম জেমছে প্রকাশ কৰা মতে, মহামাৰীৰ সময়ত মানুহৰ আয়ুসকাল হ্রাস পায়৷

You might also like