আটাইতকৈ বিশাল–উত্তপ্ত আগ্নেয়গিৰি আৱিষ্কাৰ
নিয়মীয়া বাৰ্তা, ১০ জুনঃ পৃথিৱীৰ বৃহত্তম তথা আটাইতকৈ উত্তপ্ত আগ্নেয়গিৰিৰ সন্ধান পোৱা গৈছে হাৱাইত৷ মার্কিন শাসিত প্রদেশ হাৱাইত শেহতীয়াকৈ আৱিষ্কাৰ হোৱা এই অতি উত্তপ্ত তথা বিশাল আগ্নেয়গিৰিৰ নাম হৈছে পুহাহ’নু৷ পূর্বতে পৃথিৱীৰ বৃহত্তম আগ্ণেয়গিৰি বুলি ধাৰণা কৰা মাওনা ল’ৱাতকৈ এই আগ্নেয়গিৰি টোৰ আকাৰ দুগুণ বেছি বুলি হাৱাই বিশ্ববিদ্যালয়ৰ এদল গৱেষকে দাবী কৰিছে৷
উল্লেখনীয় যে এলানি নতুন পৰীক্ষা–নিৰীক্ষাৰ অন্ত পেলোৱাৰ সময়তে হাৱাই বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই তথ্য সদৰী কৰিছে৷ আগ্নেয়গিৰিটোৰ নতুন জোখ–মাপ গ্রহণ, সমুদ্র গর্ভৰ ৰাসায়নিক বিশ্লেষণ আদি চলোৱাৰ পিছত এই কথা নিশ্চিত কৰিছে গৱেষকসকলে৷ তথ্য অনুসৰি সমুদ্রগর্ভত থকা পুহাহ’নুৰ দৈর্ঘ্য হৈছে ১৭১ মাইল আৰু প্রস্থ ৫৬ মাইল৷ হাৱাইৰ ৰাজধানী হ’নোলুলুৰ পৰা প্রায় ৬২০ কিলোমিটাৰ নিলগত পাপাহানাওমকুৱাকি মেৰিন নেচনেল মনুমেণ্টত এই আগ্নেয়গিৰিটো অৱস্থিত৷
লক্ষণীয়ভাৱে এই আগ্নেয়গিৰিত পর্বত শৃংগৰ দুটাহে জলপৃষ্ঠত দৃশ্যমান হৈ আছে৷ বাকী সকলো শৃংগ সমুদ্রগর্ভতে থকা বুলি গৱেষকসকলে জানিবলৈ দিছে৷ এই সৰু সৰু শৃংগবোৰৰ নাম ৰখা হৈছে ‘গার্ডনাৰ পিন্নাকলছ’৷ স্মর্তব্য যে ১৮২০ চনত এই আগ্নেয়গিৰিটোৰ সমুদ্র গর্ভত থকা শৃংগ আমেৰিকান জাহাজ এখনে প্রথম আৱিষ্কাৰ কৰিছিল৷ গৱেষক মাইকেল গার্চিয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি এই আগ্নেয়গিৰিৰ উষ্ণতা ৩০৯২ ডিগ্রী ফাৰেনহাইট৷ অর্থাৎ কল্পনাতীতভাৱে উত্তপ্ত এই বিশাল আগ্নেয়গিৰি পুহাহ’নু৷