নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ হাত–ভৰি কাটি অপৰাধীক শাস্তি দিব তালিবানে

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ তালিবানৰ প্রথমটো শাসনকালত অপৰাধীক গুলীয়াই হত্যা কৰা হৈছিল৷ চুৰি বা সামান্য অপৰাধৰ শাস্তি হিচাপে এখন হাত বা এখন ভৰি কাটি দিয়া হৈছিল৷ এই সকলো শাস্তি প্রকাশ্যে প্রদান কৰিছিল তালিবানে৷ সম্প্রতি তালিবানৰ এজন অন্যতম নেতা মোল্লা নুৰুদ্দিন তুৰাবিয়ে উল্লেখ কৰিছে যে সামান্য অপৰাধৰ বাবে সেই শাস্তি দ্বিতীয়বাৰ তথাকথিত ‘আধুনিক’ তালিবানৰ শাসনত অব্যাহত থাকিব৷ কাৰণ অপৰাধীৰ হাত–ভৰি কাটি পেলোৱা দেশৰ নিৰাপত্তাৰ বাবে অতি জৰুৰী বুলি উল্লেখ কৰিছে তালিবানৰ অন্যতম প্রতিষ্ঠাতা নুৰুদ্দিনে৷

তালিবানৰ প্রথমটো শাসনকালত নুৰুদ্দিন আছিল আফগানিস্তানৰ আইন মন্ত্রী৷ কাৰাগাৰৰ মুৰব্বীৰ দায়িত্বতো আছিল এই কট্টৰ নেতাজন৷ ইছলামিক আইন কি ধৰণে বলৱৎ কৰা হৈছে, এই আইনৰ সঠিক প্রয়োগ হৈছেনে নাই তাক চোৱাচিতা কৰিছিল নেতাজনে৷ দ্বিতীয়বাৰ তালিবানী শাসনতো নুৰুদ্দিনে একেই দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে তালিবানে এতিয়াও প্রকাশ্যে এই কথা ঘোষণা কৰা নাই৷ তথাপি প্রাক্তন তালিবান আইন মন্ত্রীয়ে নিজেই আগবাঢ়ি আহি বর্তমানৰ তালিবানৰ নতুন আইন কেনে হোৱা উচিত তাক লৈ বিবৃতি দিছে৷

আন্তর্জাতিক সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত নুৰুদ্দিনে কৈছে যে কোন দেশত কি শাস্তি প্রদান কৰা হয়, তালিবানে তাক লৈ চিন্তা নকৰে৷ দেশৰ মানুহক কেনে শাস্তি প্রদান কৰা হ’ব, অন্য দেশৰ পৰা সেই সন্দর্ভত পৰামর্শ ল’বলগীয়া নাই বুলিও উল্লেখ কৰিছে নেতাজনে৷ ইছলামক অনুসৰণ কৰি তালিবানে নিজৰ আইন নিজেই প্রণয়ন কৰিব বুলি ঘোষণা কৰে নেতাজনে৷ তালিবানৰ প্রথমটো শাসনত হত্যাৰ অপৰাধত দোষী সাব্যস্ত লোকক সকলোৰে সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল৷ হত্যা কৰা হৈছিল নিহত বা নিগৃহীতই পৰিয়ালৰ মানুহক৷ সেই শাস্তি পুনৰ তালিবানে প্রয়োগ কৰিব৷ অর্থাৎ পাশৱিক মৃত্যুদণ্ড আফগানিস্তানত পুনৰ প্রয়োগ কৰা হ’ব বুলি নুৰুদ্দিনে ইংগিত দিছে৷

You might also like