ক্ষুব্ধ প্রতিবাদকাৰীৰ ভয়ত হোৱাইট হাউছৰ বাংকাৰত লুকাল ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প
নিয়মীয়া বার্তা, ২ জুনঃ এফ্র’ আমেৰিকান জর্জ ফ্লয়ড নামৰ লোক এজনক আৰক্ষীয়ে নির্দয়তাৰে হত্যা কৰাৰ প্রতিবাদত উত্তপ্ত আমেৰিকা যুক্তৰাষ্ট্র৷ আজি ষষ্ঠ দিনাও প্রতিবাদকাৰীয়ে উত্তাল প্রতিবাদেৰে অগ্ণিগর্ভ কৰি তুলিছে দেশখনৰ পৰিস্থিতি৷ এই উত্তপ্ত পৰিস্থিতি ইমানেই ভয়াৱহ হৈ উঠিছে যে প্রতিবাদকাৰীৰ ভয়ত দেশখনৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প হোৱাইট হাউছৰ বাংকাৰত আশ্রয় ল’বলগীয়া হৈছে৷ যোৱানিশা ৱাশ্বিংটনৰ হোৱাইট হাউছৰ সন্মুখত প্রতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘর্ষত সৃষ্ট ভয়ানক পৰিস্থিতিৰ ফলত বাংকাৰত আশ্রয় লয় ৰাষ্ট্রপতি ট্রাম্পে৷ হোৱাইট হাউছৰ সন্মুখত গোট খোৱা প্রতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ পাছত আৰক্ষী–নিৰাপত্তা বাহিনীয়ে প্রতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰে৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নিৰাপত্তাৰক্ষীয়ে ৰাষ্ট্রপতি ট্রাম্পক হোৱাইট হাউছত থকা নিৰাপদ বাংকাৰলৈ নিয়ে৷
বাংকাৰৰ ভিতৰত আশ্রয় লৈ ৰাষ্ট্রপতি ট্রাম্পে সমস্ত পৰিৱেশৰ বুজ লয়৷ ইপিনে নিৰীহ ফ্লয়ডক হত্যাৰ প্রতিবাদ দেশখনৰ ১৪০তকৈ অধিক চহৰলৈ সম্প্রসাৰিত হয় আৰু ৪০খন প্রধান চহৰত সান্ধ্য আইন জাৰি কৰিছে৷ প্রতিবাদকাৰীয়ে আৰক্ষীক আক্রমণৰ লক্ষ্য কৰি লৈ হিংসাত্মক কার্যকলাপ সংঘটিত কৰাত সান্ধ্য আইন বলৱৎ কৰা হয় যদিও প্রতিবাদকাৰীসকলে সান্ধ্য আইন ভংগ কৰি ৰাজপথলৈ ওলাই আহে৷ পৰিস্থিতিৰ জটিলতাৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রপতি ট্রাম্পে নেচনেল গার্ড মোতায়েন কৰিছে যদিও সাম কটা নাই প্রতিবাদৰ ধাৰা৷ অতি কমেও ২০খন প্রদেশত এই নেচনেল গার্ড মোতায়েন কৰা হৈছে৷ ৱাশ্বিংটন পোষ্টৰ বাতৰি মতে, দেশৰ বিভিন্ন ঠাইত সংঘটিত হিংসাত্মক কার্যকলাপত অতি কমেও পাঁচজন লোকৰ মৃত্যু হৈছে৷
আনহাতে, আৰক্ষীয়ে দেশখনৰ ভিন্ন প্রান্তৰ পৰা অতি কমেও ২,৫৪৬জন লোকক গ্রেপ্তাৰ কৰিছে৷ মিনেছ’টাৰ মিনিয়াপলিছৰ পৰা আৰম্ভ হোৱা এই প্রতিবাদ দেশখনৰ লছ এঞ্জেলছ, চিকাগো, নিউয়র্ক, হষ্টন, ফিলাডেলফিয়া আৰু ৱাশ্বিংটন ডিচিলৈকে সম্প্রসাৰিত হৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ দেশজুৰি প্রতিবাদে পৰিস্থিতি উত্তপ্ত কৰি ৰখাৰ সময়তেই হেকাৰ গ্রুপে ইণ্টাৰনেট সেৱাত মিনিয়াপলিছ আৰক্ষীক কঠোৰ ভাষাৰে সমালোচনা কৰি বার্তা প্রেৰণ কৰিছে৷ উল্লেখ্য যে মিনিয়াপলিছত ৪৬ বছৰীয়া কৃষ্ণাংগ জর্জ ফ্লয়ডক আৰক্ষীয়ে ডিঙিত ভৰিৰে মোহাৰি হত্যা কৰাৰ এক ভিডি’ প্রচাৰ হোৱাৰ পাছতেই দেশখনত প্রতিবাদে পৰিৱেশ উত্তাল কৰি ৰাখিছে৷