বাইডেনক হোৱাইট হাউছ এৰি দিব ট্রাম্পে
নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত পৰাজয় স্বীকাৰ আনুষ্ঠানিকভাৱে কৰা নাই যদিও ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে নৱনির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনৰ বাবে হোৱাইট হাউছ হস্তান্তৰণ প্রক্রিয়া বিষয়াসকলক আৰম্ভ কৰিবলৈ নির্দেশ দিছে৷
যোৱা ৩ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্রপতি নির্বাচনত ভোটগণনাত প্রৱঞ্চনাৰ অভিযোগ তুলি ৰাষ্ট্রপতি ট্রাম্পে জয়ী হোৱা ডেম’ক্রেটিক প্রার্থী জ’ বাইডেনৰ বিৰুদ্ধে আইনী প্রক্রিয়া চলালেও কার্যতঃ তাত সফল হ’ব নোৱাৰিলে ৰাষ্ট্রপতি ট্রাম্প৷ বিশ্বৰ সকলোবোৰ দেশে নির্বাচিত ৰাষ্ট্রপতি বাইডেনক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে যদিও ৰাষ্ট্রপতি ট্রাম্পে সেয়া স্বীকাৰ কৰা নাই৷
বিভিন্ন বিতর্কৰ মাজত সোমাই পৰা ড’নাল্ড ট্রাম্পে নির্বাচনত এতিয়াও পৰাজিত হোৱা বুলি স্বীকাৰ কৰা নাই, কিন্তু তাৎপর্যপূর্ণভাৱে যোৱানিশা ৰাষ্ট্রপতি ট্রাম্পে বাইডেনক হোৱাইট হাউছ এৰি দিয়াৰ প্রক্রিয়া বিষয়াসকলক আৰম্ভ কৰাৰ নির্দেশ দিছে৷ এই নির্দেশে স্পষ্ট কৰিছে যে ৰাষ্ট্রপতি ট্রাম্পে প্রত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে পৰাজয় মানি লৈছে৷
উল্লেখ্য যে ৰাষ্ট্রপতি নির্বাচনত জ’ বাইডেনে ইলেক্ট্রৰেল কলেজ ভোট ৩০৬ লাভ কৰাৰ বিপৰীতে ৰাষ্ট্রপতি ট্রাম্পে লাভ কৰিছে ২৩২টা৷ নির্বাচনৰ ভোট গণনা কেইবাখনো ৰাজ্যত পুনৰ কৰাৰ পিছত একেই হৈ আছে ইলেক্ট্রৰেল ভোটৰ সংখ্যা৷