টাইৱানৰ জলৰাশিত মার্কিন ৰণতৰী
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ টাইৱানৰ স্পর্শকাতৰ জলৰাশিত আমেৰিকাৰ মিছাইল ডেষ্ট্রয়াৰ ইউএছএছ জন এছ মেককেইন প্রৱেশ কৰাৰ লগে লগে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে বেইজিঙে৷ টাইৱান প্রণালীত আমেৰিকাৰ এই ৰণতৰীয়ে প্রৱেশ কৰা বুলি দেশখনৰ নৌসেনায়ো সদৰী কৰিছে৷ জ’ বাইডেন প্রশাসনে ক্ষমতালৈ আহিয়েই বেইজিঙৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্রহণ কৰাৰ ইংগিত দিছে৷
উল্লেখনীয় যে আমেৰিকাৰ নৌসেনাৰ সপ্তম ফ্লীটৰ এই মিছাইল ডেষ্ট্রয়াৰ ভাৰত তথা প্রশান্ত মহাসাগৰীয় অঞ্চলত মোতায়েন কৰা হৈছে৷ আন্তর্জাতিক আইন মানিয়েই মার্কিন এই ৰণতৰীয়ে টাইৱান প্রণালীত প্রৱেশ কৰা বুলি উল্লেখ কৰিছে নৌসেনাৰ মুখপাত্র লেফটেনেণ্ট জ’ কেইলীয়ে৷ এক বিবৃতিত কেইলীয়ে উল্লেখ কৰিছে যে আমেৰিকাই ভাৰত আৰু প্রশান্ত মহাসাগৰৰ জলৰাশিত মুক্ত তথা স্বাধীনভাৱে ৰণতৰীৰ নিৰীক্ষণ চলাই যাব৷