ব্যৱহৃত কনডম ধুই পুনৰ বজাৰত বিক্রী, আজব জালিয়াতিত হতবাক আৰক্ষী
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ চাউল, ডালি, তেল, আটা এনেধৰণৰ খাদ্যবস্তুৰ সৈতে প্ৰায়ে ভেজাল বস্তু মিহলি কৰি বিক্রী কৰা খবৰ পোৱা যায়। কিন্তু এইবাৰ পোহৰলৈ আহিছে আন এক নাভূত-নাশ্ৰুত জালিয়াতি। কিয়নো অভিযোগ উঠিছে, এবাৰ ব্যৱহাৰ কৰা কনডম ধুই, শুকাই পুনৰ পেকেটিং কৰি বজাৰত বিক্রী কৰা হৈছে।
ৰাষ্ট্ৰীয় এক সংবাদ পত্ৰত পোৱা খবৰ অনুসৰি, এই ঘটনা ঘটিছে ভিয়েটনামত। এবাৰ ব্যৱহৃত কনডম ধুই পুনৰ বজাৰত বিক্রী কৰাৰ অভিযোগ লাভ কৰি মঙলবাৰে ভিয়েটনাম আৰক্ষীয়ে এক অভিযান চলায়। আৰু তাতেই চকু কপালত ওঠে আৰক্ষীৰ।
ভিয়েটনামৰ চৰকাৰী সংবাদমাধ্যম ভিটিভি জনাইছে, এটা গুদামঘৰৰ ভিতৰত প্রচুৰ পৰিমাণে ব্যৱহৃত কনডম পোৱা গৈছে। ভিয়েটনামৰ দক্ষিণ বিন দুয়ং প্রদেশৰ এই গুদামঘৰত ডাঙৰ ডাঙৰ বেগত ভৰাই ৰখা হৈছিল এই কনডমসমূহ।
আৰক্ষীয়ে জব্দ কৰিছে মুঠ ৩৬০ কেজি কনডম (Condom)। য’ত আছিল মুঠ ৩ লাখ ৪৫ হাজাৰ কনডম। এই ঘটনাৰ সৈতে এগৰাকী মহিলাকো আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মাৰাথন জেৰাত এই মহিলাগৰাকীয়ে স্বীকাৰ কৰিছে এই আজব জালিয়াতিৰ কথা।
মহিলাগৰাকীয়ে জনাইছে, প্রথমে গৰম পানীৰে ধুই লোৱা হয় ব্যৱহাৰ কৰা কনডমসমূহ। আৰু পাছত সেয়া শুকোৱাই বিক্রী উপযোগী কৰি তোলা হয়। ইয়াৰ বাবদ মহিলাগৰাকীয়ে প্রতি কেজিত ০.১৭ মার্কিন ডলাৰ লাভ কৰে।
ইতিমধ্যে ভিয়েটনাম আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে।