নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘হু’ক ৮০ নিযুত ডলাৰ দিবলৈ অস্বীকাৰ ট্রাম্পৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ সৈতে আমেৰিকাৰ মতানৈক্য বৃদ্ধি পোৱাৰ পাছত এতিয়া হোৱাইট হাউছ প্রশাসনে সংস্থাটোলৈ দিবলগীয়া ৮০ নিযুত ডলাৰ বকেয়া ধনৰাশি অন্য শিতানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ বিপৰীতে নিউয়র্কস্থিত ৰাষ্ট্রসংঘৰ বিভিন্ন শিতানৰ ব্যয় পূৰণ কৰাৰ বাবে এই ধনৰাশি আদায় দিব হোৱাইট হাউছে৷ হোৱাইট হাউছৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই আজি এই কথা ঘোষণা কৰিছে৷

স্মর্তব্য যে জেনেভাস্থিত হুৰ পৰা আগন্তুক ২০২১ চনৰ ৬ জুলাইত আনুষ্ঠানিকভাৱে বিদায় ল’ব আমেৰিকাই৷ আমেৰিকাৰ এই সিদ্ধান্তক ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে সমালোচনা কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থা চীনৰ পুতলা সংগঠন হৈ পৰা বুলি ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে অভিযোগ কৰাৰ পিছৰে পৰা সংস্থাটোৰ সৈতে ৱাশ্বিংটন প্রশাসনৰ সম্পর্কত ফাট মেলিছে৷ ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্রসংঘই বিশ্বৰ সকলো দেশক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাই আহিছে যদিও চীনৰ সৈতে আমেৰিকাৰ এই বিষয়টোক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র মতানৈক্য৷ আনকি ক’ভিড–১৯ মহামাৰী চীনে পৰীক্ষাগাৰৰ পৰা বিশ্বজুৰি মুকলি কৰি দিয়া বুলি অভিযোগ কৰি আহিছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পকে ধৰি ইউৰোপীয় শিবিৰৰ কেইবাগৰাকীও শীর্ষ নেতাই৷

লক্ষণীয়ভাৱে ১৯৪৮ চনৰ মার্কিন কংগ্রেছৰ যৌথ এক প্রস্তাৱ অনুসৰি হুৰ পৰা আমেৰিকাৰ সমর্থন প্রত্যাহাৰৰ বাবে ট্রাম্পে এবছৰৰ সময়সীমা লাভ কৰিব৷ কিন্তু চলিত বর্ষৰ বকেয়া ধনৰাশি সংস্থাটোক আদায় দিবলৈ বাধ্য ৰাষ্ট্রপতি ট্রাম্প৷ কিন্তু ট্রাম্পে হুক এই ধন আদায় দিয়াৰ বিপৰীতে ৰাষ্ট্রসংঘৰ অন্য কামত ইয়াক ব্যৱহাৰ কৰাৰ যুক্তি উত্থাপন কৰিছে৷ কিন্তু মার্কিন কংগ্রেছে ইয়াত অনুমোদন জনাব নে নাই সেয়া আগন্তুক দিনতহে নিশ্চিত হৈ পৰিব৷

You might also like