প্রণৱ মুখার্জীৰ দেহাৱসানক বৃহৎ ক্ষতি আখ্যা চীনৰ
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ প্রাক্তন ৰাষ্ট্রপতি ভাৰত ৰত্ন প্রণৱ মুখার্জীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে চীনে৷ প্রতিবেশী দেশখনৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র হুৱা চুনিঙে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে প্রণৱ মুখার্জীৰ মৃত্যুত চীন–ভাৰতৰ বন্ধুত্বৰ ক্ষেত্রত বৃহৎ ক্ষতি হিচাপে চিহ্ণিত হ’ব৷
মুখার্জীয়ে তেওঁৰ ৫০ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত চীন–ভাৰতৰ সম্পর্কৰ ক্ষেত্রত ইতিবাচক অৰিহণা যোগাই আহিছিল বুলিও উল্লেখ কৰে মুখপাত্রগৰাকীয়ে৷ উল্লেখনীয় যে ২০১৪ চনত ঝি জিনপিঙৰ ভাৰত ভ্রমণৰ সময়ত মুখার্জীয়ে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ ক্ষেত্রত বিশেষ দায়িত্ব গ্রহণ কৰিছিল বুলিও চীনৰ বিদেশ মন্ত্রালয়ে ঘোষণা কৰিছে৷
স্মর্তব্য যে ২০১৬ চনত মুখার্জীয়ে চীন ভ্রমণকালত দেশখনৰ নেতৃত্ব তথা বাণিজ্যিক সম্প্রদায়ৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছিল৷