নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানে ক্ষেপণাস্ত্রৰে ধ্বংস কৰিছিল ইউক্রেইনৰ বিমান

কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডুৰ গুৰুতৰ অভিযোগ : ব্রিটেইনৰ প্রধানমন্ত্রী জনছনৰ তদন্ত দাবী

নিয়মীয়া বাৰ্তা,১১ জানুৱাৰীঃ ইৰানে নিক্ষেপ কৰা ক্ষেপণাস্ত্রৰ আঘাততেই ধ্বংস হৈছিল ইউক্রেইনৰ যাত্রীবাহী বিমান ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডুৱে ৷ কানাডাৰ চোৰাংচোৱা সূত্রৰ তথ্যৰ ভিত্তিত প্রধানমন্ত্রীজনে এই মন্তব্য কৰিছে ৷ জাষ্টিনৰ এই মন্তব্যই কানাডা আৰু ইৰানৰ দ্বিপাক্ষিক সম্পর্কত আউল লগোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ জাষ্টিনে আৰু মন্তব্য কৰি কয় যে অৱশ্যে এই আক্রমণ আছিল অনিচ্ছাকৃত ৷ কানাডাৰ প্রধানমন্ত্রীজনে কয় এই বিমান দুর্ঘটনাত নিহত প্রতিজন কানাডিয়ান নাগৰিকৰ পৰিয়ালে উত্তৰ বিচাৰিছে৷ মই ইয়াৰ উত্তৰ বিচাৰোঁ ৷ তেওঁ উদ্বেগ প্রকাশ কৰি কয় যে এই ঘটনাই কানাডা আৰু ৱাশ্বিংটনৰ মাজৰ সম্পর্কৰ অৱনতি ঘটোৱাৰো সম্ভাৱনা আছে ৷ প্রধানমন্ত্রীজনৰ বক্তব্যৰ সমর্থনত ঘটনাটোৰ তদন্ত দাবী কৰিছে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনেও৷ ইফালে কানাডাৰ এই অভিযোগ অস্বীকাৰ কৰি প্রত্যাহ্বান জনাই ইৰানে কয় যে পাৰিলে বিমান ধ্বংসৰ সকলো প্রমাণ আমাক দিয়ক ৷ উল্লেখ্য যে যোৱা বুধবাৰে ১৭৬জন যাত্রীক লৈ তেহৰানৰ পৰা ইউক্রেইন অভিমুখী যাত্রীবাহী বিমানখন দুর্ঘটনাত পতিত হৈছিল৷ ফলত বিমানখনত থকা ৮২জন ইৰানৰ, ১১জন ইউক্রেইনৰ, চাৰিজন আফগান, ৬৩জন কানাডাৰ, তিনিজন ব্রিটিছ আৰু আন তিনিজন জার্মান নাগৰিকৰ কৰুণ মৃত্যু ঘটিছিল ৷

You might also like