নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বাবেই চীনত বৃদ্ধি পাইছে বিবাহ বিচ্ছেদৰ ঘটনা

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ক’ৰোনা ভাইৰাছৰ বাবেই বিবাহ বিচ্ছেদৰ ঘটনা বৃদ্ধি পাইছে চীনত ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত চীনত ভাইৰাছবিধৰ সংক্রমণৰ ঘটনা প্রায় অন্ত পৰিছে যদিও দেশখনত বিবাহ বিচ্ছেদ এই সময়ছোৱাত ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ ঘৰত একেলগে বেছিভাগ সময় বহু দম্পতীয়ে কটাবলগীয়া হৈছে এই সময়ছোৱাত ৷ বিবাহ বিচ্ছেদৰ এইটোৱেই কাৰণ বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে ৷ মেই টুডেৰ প্রতিবেদন অনুসৰি চলিত মাহত চীনৰ কেইবাখনো প্রদেশত অধিক সময় স্বামী–স্ত্রী একেলগে থকা বাবেই তেওঁলোকৰ মাজত সৃষ্টি হৈছে মতানৈক্য ৷ গতিকে বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে বহু দম্পতী ৷ ২৪ ফেব্রুৱাৰীৰ পৰা ছিচুৱান প্রদেশৰ ডাঝুত তিনি শতাধিক দম্পতীয়ে বিবাহ বিচ্ছেদ বিচাৰি অনুমতি আবেদন জনাইছে ৷ একমাত্র ক’ৰোনা ভাইৰাছৰ বাবেই এই দম্পতীসকলে বিবাহ বিচ্ছেদ বিচৰা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে ৷ গতিকে ক’ৰোনা হৈ পৰিছে চীনৰ বাবে এক পাৰিবাৰিক অস্থিৰতাৰ কাৰণ ৷

You might also like