নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ বছৰত ষাঠি হাজাৰ লোক সন্ধানহীন মেক্সিকোত

ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ নৃশংসতা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ২০০৬ চনত মেক্সিকোত ড্রাগ্ছৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰে যুদ্ধ আৰম্ভ কৰাৰ পাছৰে পৰা সন্ধানহীন হৈছে ৬০ সহস্রাধিক লোক ৷ চৰকাৰী সূত্রই সদৰী কৰিছে এই তথ্য ৷ উল্লেখনীয় যে পূর্বে চৰকাৰে ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ অপহৰণৰ ফলত ৪০ হাজাৰ লোক সন্ধানহীন হোৱা বুলি জৰীপ কৰিছিল ৷ কিন্তু শেহতীয়াকৈ চলোৱা সমীক্ষাত সন্ধানহীন লোকৰ সংখ্যাই ৬০ হাজাৰ অতিক্রম কৰিছে ৷ ড্রাগ্ছ সৰবৰাহকাৰী চক্র আৰু অন্যান্য অপৰাধী গোটে নিৰীহ লোকক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰা বুলি নিৰাপত্তা বিশেষজ্ঞসকলে ঘোষণা কৰিছে ৷ ইফালে বিভিন্ন মানৱ অধিকাৰ সংস্থা তথা সামাজিক সংগঠনসমূহে এই লোকসকল সন্ধানহীন হোৱা বাবে নিৰাপত্তা বাহিনী জগৰীয়া বুলিও অভিযোগ কৰি আহিছে৷ ২০০৬ চনত ফেলিপ কাল্ডেৰ’নে ড্রাগ্ছৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ পাছতে বছৰটোত কেইবাহাজাৰো লোক সন্ধানহীন হৈছিল ৷

You might also like