নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰোনা ভাইৰাছে পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস কৰিব পাৰে…

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ প্ৰথমে প্ৰকাশ পাইছিল যে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ শ্বাসতন্ত্ৰ বেয়া কৰিব পাৰে। কিন্তু এতিয়া গৱেষকসকলে কেতবোৰ নতুন তথ্য প্ৰকাশ কৰি উদ্বিগ্ন কৰি তুলিছে সকলোকে। reproduction নামৰ এখন পত্ৰিকাত প্ৰকাশ পাইছে যে কোভিডত আক্ৰান্ত হোৱাৰ পিছত পুৰুষৰ প্ৰজনন ক্ষমতা  প্ৰভাৱিত হয়।

কোভিডত আক্ৰান্ত প্ৰায় ৮৪ জন পুৰুষৰ গুণাগুণ পৰীক্ষা কৰি পোৱা গৈছে যে সংক্ৰমিত লোকসকলৰ শুক্ৰাণু কোষৰ মৃত্যুৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে, শুক্রাণুৰ ঘনত্ব হ্ৰাস হৈছে, গতিশীলতা আৰু আকৃতি সলনি হৈছে। গৱেষকসকলৰ মতে শুক্রাণু কোষৰ ওপৰত এই প্ৰভাৱবোৰে শুক্রাণুৰ মান নিম্ন কৰাৰ লগতে প্ৰজনন ক্ষমতা হ্ৰাস কৰিব পাৰে৷

জাৰ্মানীৰ জাষ্টছ লাইবিগ বিশ্ববিদ্য়ালয়ৰ বেহজাদ হাজিজাদেহ মালেকি আৰু বখতিয়াৰ তাৰটিবিয়ানে কৰা এই গৱেষণাত কোভিড ১৯ৰ প্ৰভাৱত শুক্ৰাণুৰ মান প্ৰভাৱিত হোৱাৰ কথা কোৱা হৈছে।

অৱশ্যে বৃটেইনৰ ভ্ৰুণ বিজ্ঞানৰ নিৰ্দেশক পৰিচালক এলিচেন কেম্পবেলে এই সন্দৰ্ভত যথেষ্ট গৱেষণা কৰাৰ প্ৰয়োজন আছে বুলি জানিবলৈ দিছে। আনহাতে পুৰুষেও এই সন্দৰ্ভত বেছিকৈ চিন্তিত হ’ব নালাগে। তেওঁ লগতে কয় যে শুক্ৰাণু তথা  পুৰুষ প্ৰজনন ক্ষমতাৰ  ওপৰত যে কৰোনাই স্থায়ী প্ৰভাৱ পেলাই তাৰ নিশ্চিত প্ৰমাণ নাই।

You might also like