আপুনিও পৰচর্চা কৰে নেকি…
পৰচর্চা আজিৰ সমাজত এক ভয়াৱহ ব্যাধি৷ আমি যিমানেই আনৰ ভালটো চিন্তা নকৰোঁ লাগে, কিন্তু পৰচর্চাৰ পৰা আমি কেতিয়াও বিৰত নাথাকোঁ, সাধাৰণতে যিকোনো আড্ডাত, বিয়াত, সকামত, মেল–মিটিং, অফিচ–কাছাৰী, ধর্মীয় অনুষ্ঠান আদিত পৰচর্চা কৰা দেখা যায়, ই এক সামাজিক ব্যাধি৷ কিন্তু আমি কেতিয়াবা ভাবি চাইছোঁনে, পৰচর্চাই আমাৰ কিবা উপকাৰ সাধেনে, নে আমাৰ কিবা মনোবাঞ্ছা পূৰণ কৰে? আমি কেতিয়াবা ভাবি চাইছোঁনে আনৰ বেয়াটো চিন্তা কৰি আমাৰ কি লাভ হয়, পৰচর্চাই যে নিজক কিমান ক্ষতি কৰে– আমি কোনোদিনেই অনুধাৱন নকৰোঁ৷ গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে যিসকল লোকে বেছিভাগ সময়েই পৰচর্চাত লিপ্ত থাকে, তেওঁলোকৰ এংজাইটি লেভেল বহুত বেছি৷ অতি সহজতে এনে লোকে মানসিক ৰোগ যেনে– ডিপ্রেছন আদি ৰোগৰ চিকাৰ হয়৷ পৰচর্চাৰ ফলত নিজৰ ক্ষতি হোৱাৰ লগতে আনৰো ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ সমাজে পৰাপক্ষত এনে লোকৰ সংগ এৰাই চলে আৰু কাৰো বিশ্বাস জয় কৰিব নোৱাৰে৷ এনে লোকসকলে সমাজৰ একো ভাল কাম কৰিব নোৱাৰে, আনৰ সুখ দেখিলে এনে লোকৰ গা জুয়ে পোৰা দি পোৰে৷
এতিয়া প্রশ্ন হয়, কিয় আমি পৰচর্চাত লিপ্ত হওঁ? যিসকল লোকে নিজৰ ভালটো অনুধাৱন নকৰে তেওঁলোকে আনৰ কথা বেয়াকৈ কৈ বা প্রচাৰ কৰি ক্ষন্তেকীয়া আত্মতুষ্টি লাভ কৰে৷ তেওঁলোকে তেওঁলোকৰ আটাইতকৈ মূল্যৱান সময়খিনি আনৰ বেয়া গুণখিনি খুঁচৰিয়েই নষ্ট কৰে৷ সাধাৰণতে এওঁলোকে এনেবিলাক লোকক লক্ষ্য কৰি লয়, যিসকল লোকৰ সমাজত নাম, যশ, সন্মান, জনপ্রিয়তা, খ্যাতি আৰু দক্ষতা আছে৷ ক্ষন্তেকীয়া সুখ বা আকর্ষণ বৃদ্ধি কৰিবলৈ এওঁলোকক এনে কার্যত লিপ্ত হোৱা দেখা যায়৷ প্রশ্ণ হয়, সঁচাকৈয়ে আনৰ বিষয়ে কথা পতাটো বা চর্চা কৰাটো বেয়ানে? সাধাৰণতে সমাজত কিছু কিছু লোকৰ নেদেখা বস্তু দেখিবৰ বা নজনা কথা জানিবৰ অভিলাষ বা কৌতূহল থাকে৷ আনৰ সৌভাগ্য দেখি, সুখ দেখি, সম্পত্তি দেখি, গাড়ী–মটৰ, ঘৰ–দুৱাৰ আদি দেখি অসুখী হোৱা লোকসকলে সাধাৰণতে পৰচর্চা বেছিকৈ কৰা দেখা যায়, নিজকে আনতকৈ শ্রেয় প্রতিপন্ন কৰিবলৈ গৈ তেওঁলোকে যোগ্যজনৰ বিষয়ে নানান কথা সঁচাই–মিছাই আনৰ আগত প্রচাৰ কৰি ফুৰে৷ আনহাতে কিছু কিছু লোকে মুখামুখিকৈ আনৰ লগত সন্মুখীন হ’ব নোৱাৰি তেওঁৰ অনুপস্থিতিত এনে কার্য কৰি ফুৰা দেখা যায়৷ এনে লোকে পৰচর্চাৰ বাহিৰে একো কথাই চিন্তা কৰিব নোৱাৰে৷
এতিয়া আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল আমি কেনেকৈ পৰচর্চা নামৰ এই বদ অভ্যাসটোৰ পৰা নিজকে বিৰত ৰাখিব পাৰোঁ৷ আপুনি যদি আনৰ সৎ চিন্তা কৰিব নোৱাৰে তেন্তে আনৰ বেয়াটো চিন্তা কৰাৰ অকণো অধিকাৰো নাই– এই কথাটি সদায় মনত ৰখা উচিত৷ আপুনি যদি আপোনাৰ বন্ধু, পৰিয়ালৰ সদস্য, ওচৰ–চুবুৰীয়া কাৰোবাৰ পৰচর্চা কৰা দেখে, তেন্তে তেওঁক কেতিয়াও উৎসাহ নোযোগাব৷ বৰঞ্চ তেওঁক এই অসৎ কার্যৰ পৰা বিৰত থাকিবলৈ সদায় উনুকিয়াই থাকক, লগতে বিষয় সলনি কৰি আলোচনাটো এটি যোগাত্মক দিশলৈ নিবলৈ চেষ্টা কৰক, লগতে যিজনৰ বিষয়ে চর্চা কৰি থকা হৈছে তেওঁৰ এনে কিছুমান ভাল গুণৰ বিষয়ে আলোচনা কৰক, যাতে পৰচর্চাকাৰীজন ব্যতিব্যস্ত হৈ বিষয়টো এৰাই চলে৷ মনত ৰাখিব, পৰচর্চা যেনেকৈ কৰাটো বেয়া অভ্যাস, ঠিক তেনেকৈ পৰচর্চাত ভাগ লোৱা আৰু পৰচর্চাক উচটনি দিয়াটোও সমানেই ডাঙৰ অপৰাধ৷ আপুনি য’তেই নহওক লাগে যেনে– আড্ডাত, বিয়াত, সকামত, মেল–মিটিং, নামঘৰ আদিত পৰচর্চা কৰা দেখা পায়, ইয়াক আৰম্ভ হোৱাৰ আগতেই বন্ধ কৰক৷ ইয়াত আপোনাৰ সুচৰিত্র প্রতিফলিত হোৱাৰ এক সুবর্ণ সুযোগ৷
আপুনি আপোনাৰ বন্ধুবর্গৰ লগত সদায় তাৎপর্যপূর্ণ আৰু অর্থপূর্ণ আলোচনাত ভাগ লওক, ই আপোনাকো পৰচর্চাৰ পৰা বিৰত ৰাখিব আৰু আপোনাৰ বন্ধুবর্গ, পৰিয়ালৰ সদস্য, ওচৰ–চুবুৰীয়াকো পৰচর্চাৰ পৰা বিৰত থাকিবলৈ ইন্ধন যোগাব৷ পৰাপক্ষত সদায় পৰচর্চাকাৰী লোকসকলৰ পৰা আঁতৰত থাকক, অভিভাৱকসকলে তেওঁলোকৰ সন্তানে যাতে এনে কার্যৰ পৰা বিৰত থাকে সদায় চকু ৰখা উচিত৷ যদি কোনো ব্যক্তিয়ে আপোনাৰ ওচৰত আনৰ বিষয়ে চর্চা কৰিবলৈ আহে তেন্তে তেওঁক যৎপৰোনাস্তি এনে কার্যৰ পৰা বিৰত থাকিবলৈ সৈমান কৰক, পৰচর্চাৰ ভয়াৱহতাৰ সম্পর্কে তেওঁক অৱগত কৰাওক৷ তথাপি যদি তেওঁ সৈমান নহয় তেন্তে তেওঁৰ কাষৰ পৰা আপুনি ছলে–বলে–কৌশলে হ’লেও আঁতৰি আহক৷ যদিহে এনে বদ অভ্যাসে আপোনাৰ লগ এৰা নাই আৰু আপুনি ইয়াৰ পৰা পৰিত্রাণ বিচাৰিছে তেন্তে শীঘ্রেই আপুনি উপৰিউক্ত কৌশলখিনি মানি চলক নতুবা কোনো মনোবৈজ্ঞানিকৰ কাষ চাপক৷