নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাফল্য আহিবই! ধনী হ’বলৈ এই অভ্যাস আজিয়ে ত্যাগ কৰক…

ধনী হোৱাৰ পথ খুব দুর্গম নহয়। আৰু খুব সহজো নহয়। ধনী হিবলৈ দৰকাৰ একান্ত জৰুৰী কিছু কাম। জৰুৰী অভ্যাস।

জীৱনৰ সাফল্য লাভৰ বাবে প্রথমে দৰকাৰ বেয়া অভ্যাস চিহ্নিত কৰা, তাৰপাছত তাক বর্জন কৰা। কোন কোন বেয়া অভ্যাসে আপোনাক ধনী হোৱাৰ পথত বাধা দিয়ে? কোনবোৰ অভ্যাস এৰি পেলাব ? জানো আহক-

নিজৰ উপৰত অনাস্থা ( Low Self Confidence)

 

সাফল্যৰ মূল চাবিকাঠি হ’ল আত্মবিশ্বাস। নিজক চিনি নিজক বুজি সঠিক পথত আগবাঢ়িলে অচিৰেই সাফল্য লাভ কৰিব। নিজৰ উপৰত বিশ্বাস ৰখাটো একান্তই আৱশ্যক। সঠিক সিদ্ধান্তই সাফল্যৰ বাট প্রশস্ত কৰে। আত্মবিশ্বাস অত্যন্ত প্রয়োজনীয় বিষয়।

সঠিক সময়ৰ বাবে অপেক্ষা ( Right Time)

কথাতে কয় ‘ধৈয্যৰ ফল মিঠা।’ সময়ৰ অপেক্ষা নহয়, সফল হ’বলৈ প্ৰয়োজন সঠিক পৰিকল্পনাৰ। পৰিস্থিতি ভালদৰে বুজি পোৱা, পৰিস্থিতি বুজি আপোনাৰ নিজৰ প্ৰতিটো পদক্ষেপ লোৱাটোৱে প্ৰতিজন ব্যক্তিক সফল হোৱাত সহায় কৰে। সেয়েহে, পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সঠিক সময়ত আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়।

যথেষ্ট হোমৱর্কৰ অভাব ( Lack of Homeworks)

শিকাৰ কোনো বয়স নাথাকে। যি কোনো কামত আগবঢ়াৰ পূৰ্বে দৰকাৰ যথেষ্ট হোমৱর্কৰ । সফল হবৰ বাবে দৰকাৰ পঢ়াশুনা আৰু শিকাৰ যথেষ্ট ইচ্ছা৷ পূর্বৰ কোনো কাম যথেষ্টভাবে অনুধাবন কৰা জৰুৰী। সেই কাম অনুধাবন কৰি, তাৰ পৰা শিক্ষা লৈ আগবঢ়া আৱশ্যক। সেইবাবে কামত নমাৰ পূৰ্বে প্ৰয়োজন হোমৱর্কৰ।

জীৱনৰ লক্ষ্য ( Goal in Life)

সফল হোৱাৰ সঠিক উপায় আৰু সঠিক লক্ষ্য হৈছে সেই সঠিক পথ অনুসৰণ কৰা। জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ। কোনো লক্ষ্য অবিহনে, জীৱনটো সাগৰত এজন নাবিকৰ দৰে।  আমি লক্ষ্যত উপনীত হোৱাৰ দিশত কিমান আগবাঢ়িছো, তাৰ ওপৰত এটা সমীক্ষাৰ প্ৰয়োজন। একে সময়তে, লক্ষ্যটো কিমান বাস্তৱিক সেয়া বুজি পোৱাটো প্ৰয়োজন। অবাস্তৱ লক্ষ্যৰ পিছত দৌৰাটো অৰ্থহীন।

জেদৰ অভাব(Persistence)

সফলতাৰ বাবে জৰুৰী জেদ। জেদ অবিহনে সফলতাৰ পথত খোজ কঢ়াটো মূৰ্খতা। সৃষ্টি কৰা লক্ষ্যত লাগি থকাৰ প্ৰয়োজন। নিজৰ কথা শুনি, নিজৰ সিদ্ধান্তত দৃঢ় হৈ থকা, নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰা – এই সকলোবোৰৰ প্ৰাথমিক স্তৰ হৈছে জেদ। জেদৰ অভাৱ, কাম এটাৰ আঁৰত নিৰন্তৰ মিছা কথা কোৱাৰ অভাৱেই মানুহক ইয়াৰ ঠাইৰ পৰা আঁতৰাই দিয়ে। সেয়েহে, জেদ কৰি আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়।

You might also like