পুনৰ আহিছে কাল ক’ৰোনা, কিদৰে বৃদ্ধি কৰিব শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ক’ৰোনা কাল যেন পুনৰ আৰম্ভ হ’ল। পূৰ্বতকৈ এইবাৰৰ ক’ৰোনাই সলনি কৰিছে তাৰ চৰিত্ৰ। অসমত পোৱা গৈছে ইউ কে প্ৰকাৰৰ ক’ৰোনা ৰোগী, যি পূৰ্বতকৈ শক্তিশালী বুলি প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞই। এনে অৱস্থাত দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৰ্ধিত কৰাৰ বাবে কিছু উপায় পাঠকৰ বাবে আগবঢ়োৱা হল-
১) দৈনিক পুষ্টিকৰ আৰু সুষম আহাৰ গ্রহণ কৰা৷ পানী আৰু অন্যান্য তৰল দ্রব্যৰ (ফলৰ ৰস চুপ আদি) পৰা পৰিমাণ বৃদ্ধি কৰা৷
২) চেনি, নিমখ, বটল বা পেকেটৰ সংৰক্ষিত খাদ্য (শীতল পানীয় চচ, আচাৰ, চিপছ নুডলছ) ফাষ্ট ফুড, সংপৃক্ত স্নেহৰ (যেনে– তেল, ঘিঁ, বাটাৰ, ক্রীম ৰেদমাটি আদি) পৰিমাণ হ্রাস কৰা৷
৩) সেউজীয়া শাক–পাচলি আৰু ৰং–বিৰঙৰ ফলমূল, খাদ্যশস্য, মাহজাতীয় শস্য, শুকান ফল আদি দৈনিক খাদ্যতালিকাত সন্নিবিষ্ট কৰা৷ কণী, মাছ, গাখীৰ আদি মজলীয়া পৰিমাণে গ্রহণ কৰা৷ ভিটামিন চিযুক্ত খাদ্য (যেনে নেমু, কমলা, আঙুৰ, আমলখি) ওমেগা থ্রী ফেটী এচিদযুক্ত খাদ্য (যেনে সাগৰীয় মাছ, ফ্লেক্স ছীড, ৱালনাট আদি), প্র’বায়টিক (দৈ পনীৰ, পাউৰুটি) দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা ৰক্ষাত অধিক উপযোগী)৷
৪) ধুমপান, ধঁপাত আৰু অত্যধিক মদ্যপানৰ পৰা বিৰত থকা৷
৫) দেহৰ সামর্থ্য অনুযায়ী দৈনিক সৰু–ডাঙৰ ব্যায়াম কৰা৷ কিছুমান যোগাসন- যেনে অনুলোম, বিলোম, কপালভাটি ফলপ্রসূ৷
৬) পর্যাপ্ত জিৰণি ল’ব লাগে৷ দৈনিক ৭ৰ পৰা ৮ ঘণ্টাৰ ভাল টোপনিৰ আৱশ্যক৷
৭) অত্যধিক চিন্তা, উদ্বিগ্ণতাৰ পৰা আঁতৰত থকা৷ অত্যধিক চিন্তাৰ ফলত এডৰিনেল গ্লেণ্ডৰ পৰা নিঃসৰিত কার্টিজল হৰম’নে ইমিউনিটীৰ ওপৰত বিৰূপ প্রভাৱ পেলায়৷
৮) বীজাণু সংক্রমণ ৰোধ কৰিবলৈ পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ থকা। চৰাই–চিৰিকটি, জীৱ–জন্তুৰ সংস্পর্শৰ পৰা আঁতৰত থকা, ঘৰৰ ভিতৰ বা বাহিৰৰ স্বচ্ছতা বর্তাই ৰখা আদি৷
৯) প্রকৃতিৰ পৰা পোৱা বহুতো ঔষধিগুণযুক্ত গছ–লতাত উপলব্ধি এণ্টিক্সিডেণ্ট আৰু ৰোগ প্রতিৰোধ ক্ষমতাবর্ধক (immuno booster) উপাদানসমূহে আমাৰ দেহৰ প্রতিৰোধ ক্ষমতা অটুট ৰখাত অৰিহণা যোগায়৷ এইসমূহৰ আমাৰ দৈনিক খাদ্যাভ্যাসত অন্তর্ভুক্ত কৰি নতুবা ঔষধি হিচাপে গ্রহণ কৰি ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি৷ উদাহৰণস্বৰূপে নেমু, কমলা, আদা, নহৰু, হালধি, অমিতা, ব্রকলি, আমলখি, তুলসী, গুৰুছী বা গিলয়, অশ্বগন্ধা, এল’ভেৰা, গ্রীন টী, সূর্যমুখী ফুলৰ বীজ, ফ্লেক্স ছীড (তিচি) এলমণ্ড আদি৷