নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজাৰত জুইঃ তেলবিহীনকৈ খাওক মাগুৰ মাছৰ জোল এইদৰে…

  • মাগুৰ মাছ এটা ৪৫ ডোখৰ কৰি কাটি লব
  • মজলীয়া আকাৰৰ ফুলকবি এটা
  • ডাঙৰ পিঁয়াজ এটা মিহিকৈ কুটি লব
  • আলু এটা টুকুৰা কৰি কাটি লব
  • পানী চাৰি কাপ লব
  • নিমখ জোখাৰে
  • বিলাহী এটা জুইত পুৰি লব
  • পকা জলকীয়া চাৰিটা জুইত পুৰি লব
  • থেতেলিয়াই লোৱা আদা এক টেবুল চামুচ লব
  • ধনিয়াৰ পাত এমুঠি লব

প্রণালীঃ মাছখিনি ধুই টুকি লব৷ মজলীয়া আকাৰৰ ফুলকবি এটাৰ পাহি আৰু কুমলীয়া ঠাৰিবোৰ গুচাই ধুই লব৷ জুইত পুৰি লোৱা বিলাহী আৰু জলকীয়াখিনি একেলগে খুন্দি লব মিক্সিত নিদিব৷ জুইৰ ওপৰত কেৰাহীটো পাতি পানী চাৰিকাপ দি কুটি লোৱা ফুলকবি, আলু , পিঁয়াজখিনি আৰু নিমখ জোখমতে দিব৷ এতিয়া ঢাকোনখন লগাই আলুখিনি আধা সিজালৈকে উতলিবলৈ দিব৷ আলুখিনি আধা সিজা যেন দেখিলে মাছখিনি দি আকৌ ঢাকি দি উতলিবলৈ দিব৷ মাছখিনি সিজিলে খুন্দি লোৱা বিলাহী আৰু জলকীয়াৰ মিশ্রণটো ঢালি দিব৷ তাৰ পিছত থেতেলিয়াই লোৱা আদাখিনি দি পাঁচ মিনিটমান উতলাব৷

তাৰ পিছত অলপ ডাঙৰকৈ কাটি ছিঙি লোৱা ধনিয়া পাতখিনি দি আকৌ দুই মিনিট সময় উতলাব৷ দেখিব ধনিয়াখিনি দিয়াৰ পিছত বিলাহী আৰু পকা জলকীয়াৰ ৰং আঞ্জাৰ লগত মিলি ধুনীয়া ৰং এটা ওলাইছে৷ এতিয়া আঞ্জাখন নমাই গৰমে পৰিৱেশন কৰক৷

You might also like