পুৰুষৰ কভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি কিয় ক’লে গৱেষকে…
নিয়মীয়া বাৰ্তা ২৭ মেঃ কৰোনা মহামাৰী সময়ত গৱেষকসকলে প্ৰমাণ কৰিছে যে কভিডত মহিলাতকৈ পুৰুষে গড় হিচাপত বেছিকৈ আক্ৰান্ত হৈছে। ই এক গৱেষণাৰ অন্তত প্ৰকাশ পাইছে হৰমণৰ পাৰ্থক্যৰ বাবেও কভিডত আক্ৰান্ত হ’ব পাৰে। যিহেতু পুৰুষৰ মহিলাতকৈ বেছি টেষ্টটৰণ হৰমণ থাকে সেই বাবে কিছুমান গৱেষকে অনুমান কৰিছে পুৰুষে বেছিকৈ কভিডত আক্ৰান্ত হ’ব পাৰে।
আনহাতে অধ্যয়নটোৱে প্ৰমাণ কৰিব নোৱাৰিলে যে টেষ্টটৰণ নিম্ন হ’লে গুৰুতভাৱে কভিড-১৯ৰ আক্ৰান্ত নহ’বও পাৰে; নিম্ন টেষ্টটৰণ স্তৰে আন কিছুমান বেলেগ বেমাৰৰ কাৰণ হ’ব পাৰে।
গৱেষকসকলে কভিড-১৯ সংক্ৰমিত Barnes-Jewish চিকিৎসালয়লৈ অহা ৯০ জন পুৰুষ আৰু ৬২ গৰাকী মহিলাৰ তেজৰ নমুনাত হৰমনৰ পৰিমাণ জোখা হৈছিল। আৰু ইয়াৰে ভিতৰত ১৪৩ জনক আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।
মহিলাসকলৰ মাজত কোনো হৰমণ আৰু ৰোগৰ গভীৰতাৰ স্তৰত কোনো ধৰণৰ সম্বন্ধ পোৱা নগ’ল। পুৰুষৰ মাজত কেৱল টেষ্টটৰণৰ স্তৰৰ বাবে কভিড- ১৯ৰ গুৰুত্বৰ ভাৱে আক্ৰান্ত হৈছিল।
টেষ্টটৰণৰ স্তৰ যিমানেই কম হ’ব আক্ৰান্তও বেছিকৈ হ’ব। উদাহৰণ স্বৰূপে সকলোতকৈ নিম্ন স্তৰৰ সংক্ৰিমত লোকসকলক ভেণ্টিলেটৰত থকাৰ সম্ভাৱনা বেছি থাকে। এই অধ্যয়ন চলি থকা সময়তেই ২৫ জন পুৰুষৰ কভিড আক্ৰান্ত হৈ মৃত্যু হৈছিল।