নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰু আৰু গাহৰিৰ তেজত পোৱা গৈছে প্লাষ্টিকৰ কণা…

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বিজ্ঞানীসকলে গৰু আৰু গাহৰিৰ তেজত মাইক্ৰ’প্লাষ্টিক বিচাৰি পাইছে। পৃথিৱীত এই ঘটনা প্ৰথমবাৰলৈ হৈছে। আমষ্টাৰডামৰ ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয় যে- “আমি এখন ফাৰ্মত ১২ টা গৰু আৰু ৬ টা গাহৰিৰ অধ্যয়ন কৰিছিলোঁ। গৱেষণাৰ সময়ত তেওঁলোকৰ তেজত সূক্ষ্ম প্লাষ্টিকৰ কণা পোৱা গৈছিল। “

তেওঁলোকে কয় যে- “এই ভাবুকি কেৱল জন্তুৰ বাবে নহয় ,মানুহৰ বাবেও।” এই সূক্ষ্ম প্লাষ্টিকৰ কণাবোৰ খাদ্য শৃংখলাৰ জৰিয়তে এটাৰ পৰা আনটোলৈ যাব পাৰে। উদাহৰণ স্বৰূপে- গৰুৰ গাখীৰৰ পৰা মানুহৰ দেহলৈ যাব পাৰে ।

গৱেষক লেছলীয়ে কয় যে- পূৰ্বে অন্য প্ৰাণীৰ দেহত সূক্ষ্ম প্লাষ্টিকৰ কণা পোৱা গৈছিল যদিও গৰু আৰু গাহৰিৰ দেহত প্ৰথমবাৰৰ বাবে মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে ।

You might also like