ভগৱানক লৈ শ্বেতা তিৱাৰীৰ বিতৰ্কিত মন্তব্য! ক’লে- ‘মোৰ ব্ৰাৰ জোখ…….’
অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ অভিনেত্ৰী শ্বেতা তিৱাৰীৰ বিৰুদ্ধে হিন্দু অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। এটা সাক্ষাৎকাৰ অনুষ্ঠানৰ সময়ত তেওঁ এটা বিতৰ্কিত মন্তব্য দিছিল, যাৰ পিছতে শ্বেতা তিৱাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ভূপালত এক ৱেব চিৰিজৰ শুভাৰম্ভ অনুষ্ঠানত শ্বেতাই মঞ্চত বহি ‘ভগৱান’ৰ নাম লৈ এক বিতৰ্কিত মন্তব্য দিছিল। এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই ভূপালৰ শ্যামলা পাহাৰ আৰক্ষী থানাত 295 (A) আইপিচি ধাৰাৰ অধীনত শ্বেতা তিৱাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।
মোহময়ী অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে অলপতে ভূপাল ভ্ৰমণ কৰিছিল। তাত এক অনুষ্ঠানত তেওঁ ভগৱানক উদ্দেশ্য কৰি এক বিতৰ্কিত মন্তব্য দিছিল। তেওঁৰ আহিবলগীয়া ৱেবচিৰিজৰ মুকলি অনুষ্ঠানত উপস্থিত হোৱা অভিনেত্ৰীগৰাকীয়ে মঞ্চত বাকী লোকসকলৰ সৈতে অনুষ্ঠানটোত বহি আছিল, একে সময়তে শ্বেতাৰ মুখত এই বিতৰ্কিত মন্তব্যটো ওলাই আহিছিল – ‘মোৰ ব্ৰাৰ জোখ ভগৱানে লৈ আছে’।
উল্লেখ্য যে সেই সময়ত, ৱেব চিৰিজটোৰ সকলো কলা-কুশলী শ্বেতাৰ সৈতে মঞ্চত উপস্থিত আছিল।