শাৰীৰিক সম্বন্ধ স্থাপন নকৰাকৈ গৰ্ভৱতী, আচৰিত সকলো
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ এক আচৰিত ঘটনা। কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক নোহোৱাকৈ এগৰাকী মহিলা গৰ্ভৱতী হৈছে। ২৮ বছৰীয়া যুৱতী নিকলে ছ’চিয়েল মিডিয়াৰ যোগেদি এই আচৰিত ঘটনা জানিবলৈ দিছে। ঘটনাটো ব্ৰিটেইনৰ হেম্পচায়াৰৰ।
ডেইলী মেলৰ প্ৰকাশিত খবৰ মতে, নিকল যেতিয়া ১৮ বছৰীয়া আছিল তেতিয়া নিজৰ প্ৰেমিকৰ সৈতে সম্বন্ধত আছিল। কিন্তু তেওঁলোকৰ কোনো শাৰীৰিক সম্পৰ্ক হোৱা নাছিল। তথাপি এদিন হঠাতে নিকলৰ মূৰ ঘূৰাবলৈ ধৰে। বাৰে বাৰে মূৰ ঘূৰণি হোৱাত তেওঁৰ গৰ্ভধাৰণৰ পৰীক্ষা কৰা হয়। পৰীক্ষাৰ ফলাফলে তেওঁৰ লগতে প্ৰেমিকৰ চকু কপালত উঠে।
কিয়নো নিকল গৰ্ভৱতী। অথচ নিকলে নিজৰ প্ৰেমিকৰ লগত কোনো শাৰীৰিক সম্বন্ধ স্থাপন কৰা নাছিল। নিকলে জানিবলৈ দিয়ে যে তেওঁ অকল প্ৰেমিকেই নহয় কাৰো লগতে শাৰীৰিক সম্বন্ধ স্থাপন কৰা নাছিল। কাৰণ নিকল এক বিশেষ এটা বেমাৰৰ ভুক্তভোগী, এই ৰোগৰ বাবে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা সম্ভৱ নহয়।
চিকিৎসকৰ ওচৰলৈ গৈ নিকলে তথাপি গম পাই যে শাৰীৰিক সম্বন্ধ নহ’লেও কিবা প্ৰকাৰে শুক্ৰাণু ডিম্বাশয়ত প্ৰৱেশ কৰিছিল, যাৰ বাবে তাই গৰ্ভৱতী হ’ব পাৰে। ডাক্তৰৰ মতে, এয়া অতি দুৰ্লভ ঘটনা।
নিকলে এইটো ভাবি চিন্তিত হৈছিল তাইৰ প্ৰেমিকে এইটো খবৰ পাই তাইক ত্যাগ কৰাৰ লগতে সন্দেহ কৰিব। কিন্তু প্ৰেমিকে নিকলক ত্যাগ নকৰি সম্পূৰ্ণ সহযোগ কৰিলে। নিকলে এগৰাকী কন্যা সন্তান জন্ম দিয়ে।