সৌন্দর্য চর্চা প্রাপ্তবয়স্ক লোকৰ পৰা ডেকালৈ সকলোৱে কম–বেছি পৰিমাণে হলেও নিজকে ধুনীয়া কৰি ৰাখিবলৈ চেষ্টা কৰে৷ নিজৰ ছালখন নিমজ, সতেজ, দাগমুক্ত হোৱাটো আৰু একোছা উজ্জ্বল মোটা দীঘল চুলিৰ অধিকাৰী হোৱাটো সকলোৱে নিশ্চয় বিচাৰে৷ আৰু এইখিনি পাবলৈ গৈ বজাৰৰ পৰা অনা বিভিন্ন ব্রেণ্ডৰ বস্তু ব্যৱহাৰ কৰে৷
প্রায়ভাগেই নিজৰ ছালখন পৰীক্ষা নকৰাকৈ বা তেওঁৰ ছালখন বা চুলিখিনি কেনেকুৱা প্রকাৰৰ, এই কথা নজনাকৈ বিভিন্ন বস্তু ব্যৱহাৰ কৰে৷ ফলত আমাৰ ছালত দাগ বা পিম্পল, ঠিক তেনেদৰে চুলিৰ সমস্যাৰ ভিতৰত চুলি সৰা, স্কেল্পখন খজুৱা, সৰু সৰু পিম্পল আদিৰ সমস্যাই দেখা দিয়ে৷
ওপৰত উল্লেখ কৰা সমস্যাবোৰ নহবলৈ আমি প্রথমে এজন অভিজ্ঞ সৌন্দর্য বিশেষজ্ঞৰ দ্বাৰা ছালৰ বা স্কেল্পৰ প্রকাৰ জানি লৈহে সামগ্রীবোৰ ব্যৱহাৰ কৰিব লাগে৷
কেতিয়াবা মন কৰিবচোন, কোনো কাৰণ নথকাকৈয়ে মূৰটো খজুৱায় আৰু চুলি সৰিবলৈ ধৰে৷ প্রথমে কমকৈ, পিছলৈ বেছিকৈ৷ এই সমস্যা বন্ধ কৰিবলৈ গৈ বিভিন্নজনৰ বিভিন্ন পৰামর্শ লোৱা যায়৷ এই পৰামর্শবোৰ চুলিৰ বা স্কেল্পৰ প্রকাৰৰ লগত খাপ নাখালে বেছিকৈহে সমস্যাই দেখা দিয়ে৷
এই শিতানত ঘৰুৱা মন্ত্রৰ দ্বাৰা এই সমস্যাৰ উপশম পোৱাৰ চেষ্টা কৰা হল৷
আমাৰ চুলি বা স্কেল্পক সুৰক্ষা কৰিবলৈ পিঁয়াজ ব্যৱহাৰ কৰিব পাৰোঁ৷ চুলি ক্ষীণ হলে স্কেল্পত ডেনৰফ বা ইনফেকচন হলে পিঁয়াজৰ ব্যৱহাৰৰ দ্বাৰা উপকৃত হব পাৰি৷ এটা বা দুটা বেঙুনীয়া পিঁয়াজ ৰুকি ৰস উলিয়াই এটা স্প্রে বটলত ভৰাই সদায় ৰাতি শোৱাৰ আগেয়ে স্কেল্পত লগাই পুৱা ধুই দিব৷ এই প্রক্রিয়াটো ১৫-২০ দিন কৰিলেই যথেষ্ট সুফল পাব৷
লং ৪-৫টা কেষ্টৰ অইলৰ লগত মিহলাই প্রায় বাৰ ঘণ্টা থব লাগে৷
ইয়াৰ পিছত স্কেল্পত তিনি–চাৰি ঘণ্টা লগাই ধুই দিব লাগে৷ ক্ষীণ চুলি মোটা হোৱাত সহায় কৰে৷
আমাৰ চুলিৰ গুড়িবোৰ কেতিয়াবা বৰকৈ বিষায়৷ অর্থাৎ স্কেল্পখন শুকান হৈ যায়৷ চুলিৰ গুড়িৰ শুকান ভাব আঁতৰাবলৈ কটনেৰে মৌ চুলিৰ গুড়িবোৰত লগাই দি দুঘণ্টা পিছত ধুই দিব লাগে৷
উফি হল আমাৰ স্কেল্পৰ প্রধান সমস্যা৷ প্রায়ভাগেই এই সসম্যাত ভোগে৷ উফিয়ে যে অকল মূৰতে সমস্যাৰ সৃষ্টি কৰে, এনে নহয়৷ উফিৰ ফলত মুখত, বুকু, পিঠি আদিত পিম্পলৰ দৰে সৰু সৰু গুটি হোৱা দেখা যায়৷ উফি আঁতৰাবলৈ গৰম তেলৰ মাছাজ সপ্তাহত দুবাৰকৈ লোৱাৰ অভ্যাস কৰক৷
সপ্তাহত এবাৰ এলোভেৰা গছৰ মাজৰ জেল আৰু ভিনেগাৰ সম–পৰিমাণৰ মিক্স কৰি স্কেল্পত লগাওক৷ ২৫-৩০ মিনিট পিছত ধুই দিব৷ পিছৰ দিনা গোটেই নিশা স্কেল্পৰ লগতে চুলিত ঘি লগাই পুৱা ধুই দিব৷