নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইস্ত্ৰিৰে বীজাণুমুক্ত কৰিছে চেক

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ গুজৰাটত এগৰাকী বেংক বিষয়াই চেক বীজাণুমুক্ত কৰিবলৈ ইস্ত্ৰি ব্যৱহাৰ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ক’ভিড-১৯ প্ৰতিৰোধ কৰিবলৈ লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ বেংক খোলা থকাৰ কৰ্মৰত বেংক বিষয়া এজনে বীজাণুমুক্ত কৰাৰ বাবে চেকত ইস্ত্ৰি ব্যৱহাৰ কৰে বেংক অৱ বৰোদাৰ বিষয়াজনে চেকখন ইস্ত্ৰি কৰি থকা ২৭ ছেকেণ্ডৰ ভিডিঅ’ ফুটেজটো ইণ্টাৰনেট প্ৰচাৰ কৰাৰ পাছতে প্ৰখ্যাত উদ্যেগপতি আনন্দ মাহিন্দ্ৰই ভিডিঅ’টো শ্বেয়াৰ কৰে। ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ফুটেজটো ভাইৰেল হৈ পৰিছে।

You might also like