নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ ড’নাল্ড ট্রাম্পৰ

বাগদাদত আমেৰিকান দূতাৱাসত বিক্ষুব্ধ জনতাৰ আক্রমণ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নৱবর্ষৰ প্রথমটো দিনতেই ইৰানৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছে আমেৰিকাই৷ ইৰাকৰ ৰাজধানী বাগদাদত থকা মার্কিন দূতাৱাসত সংঘটিত এক আক্রমণৰ ঘটনাত ইৰান জড়িত থকা বুলি অভিযোগ তুলি ৰাষ্ট্রপতি ট্রাম্পে এই ঘটনাৰ পৰিণতি ইৰানে ভোগ কৰিব লাগিব বুলি হুংকাৰ দিয়াৰ লগে লগেই পুনৰ যুদ্ধৰ আশংকা ঘনীভূত হৈছে মধ্যপ্রাচ্যত৷ উল্লেখনীয় যে আমেৰিকাৰ বোমাবর্ষণত ছিৰিয়া আৰু ইৰাকত ইৰান সমর্থিত হেজব’ল্লাৰ কেইবাজনো যোদ্ধা নিহত হোৱাৰ পাছতেই বিক্ষুব্ধ লোকসকলে কালি বাগদাদস্থিত মার্কিন দূতাৱাসত আক্রমণ কৰে৷ দূতাৱাস চৌহদৰ কেইবাখনো দেৱালত অগ্ণিসংযোগ কৰে বিক্ষুব্ধ লোকসকলে৷ এই ঘটনাৰ পাছতেই ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে হুংকাৰ দিছে যে ইয়াৰ মূল্য ইৰানে ভৰিব লাগিব৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে ট্রাম্পে এই কথাও সদৰী কৰিছে যে ইৰানৰ বিৰুদ্ধে এয়া সতর্কবাণী নহয়, যুদ্ধৰ হুংকাৰ৷ তাৎক্ষণিকভাৱে ইৰাকত সংঘটিত মার্কিন দূতাৱাসৰ আক্রমণত ইৰান জড়িত নহয় বুলি তেহৰান প্রশাসনে ঘোষণা কৰিছে যদিও পেণ্টাগনে তাৎক্ষণিকভাৱে বাগদাদলৈ প্রেৰণ কৰিছে মেৰিন বাহিনীৰ ১০০জন জোৱানক৷ শীঘ্রে ৭৫০জন জোৱানক পুনৰ অঞ্চলটোলৈ প্রেৰণ কৰিব বুলিও ঘোষণা কৰিছে মার্কিন প্রতিৰক্ষা সচিব মার্ক এছপাৰে৷

You might also like