নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ ছিটা উদ্ভাৱনৰ গৱেষণাত ভাৰতীয় চিকিৎসক

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ প্রতিৰোধী ছিটা উদ্ভাৱনৰ ক্ষেত্রত অষ্ট্রেলিয়াত ভাৰতীয়মূলৰ চিকিৎসক এছএছ ৱাছনৰ দলে গৱেষণা চলাই আছে৷ ভাৰতীয়মূলৰ চিকিৎসা বিজ্ঞানীগৰাকীয়ে ইতিমধ্যে ক’ৰোনা ভাইৰাছৰ বাবে ছিটা উদ্ভাৱনৰ ক্ষেত্রত বিশেষ অগ্রগতি লাভ কৰা বুলি অষ্ট্রেলিয়াৰ চিকিৎসা গৱেষণা সংস্থা এটাই সদৰী কৰিছে৷ স্মর্তব্য যে ডেংগু, জিকা আৰু ছিকুনগুনিয়া মহামাৰীৰ ছিটা উদ্ভাৱনৰ ক্ষেত্রতো ভাৰতীয়মূলৰ চিকিৎসকগৰাকীয়ে গৱেষণা চলাইছিল৷ স্মর্তব্য যে শেহতীয়াকৈ চীনৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ ৬ শতাধিক লোকৰ মৃত্যু হোৱাৰ উপৰি ৩০ সহস্রাধিক চিকিৎসাধীন হৈছে৷

You might also like