নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্ভয়াৰ চাৰি দোষীয়ে তিহাৰ জেলত কিমান টকা উপাৰ্জন কৰিলে ! কি হ’ব এই টকাখিনিৰ ?

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ অৱশেষত নতুন দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা চাৰি দোষী বিনয় শর্মা , মুকেশ সিং , পৱন গুপ্তা আৰু অক্ষয় কুমাৰ সিংক আজি পুৱা ৫.৩০ বজাত ফাঁচিকাঠত ওলমোৱা হ’ল ।

ইপিনে তিহাৰ কাৰাগাৰত বন্দী হৈ থকা সমমত বিভিন্ন কামৰ বিনিময়ত দোষীয়ে উপাৰ্জন কৰিছিল বহু পৰিমানৰ টকা । অৱশ্যে এই দোষীকেইটায়ে উপাৰ্জন কৰা টকাখিনি এতিয়া তেওঁলোকৰ পৰিয়ালক প্ৰদান কৰা হ’ব ।

আনহাতে নিৰ্ভয়াৰ চাৰি দোষীৰ ভিতৰত সৰ্বাধিক ৬৯,০০০ ধন উপাৰ্জন কৰিলে অক্ষয় ঠাকুৰে । লগতে ৩৯,০০০ টকা বিনয় শৰ্মাই আৰু ২৯,০০০ টকা পৱন গুপ্তাই উপাৰ্জন কৰে । কিন্তু ইয়াৰ বিপৰীতে আন এটা দোষী মুকেশ সিঙে কোনো কাম বাচি লোৱা নাছিল ।

ইয়াৰোপৰি কাৰাগাৰত থকা সময়তে মুকেশ, পৱন আৰু অক্ষয়ে ২০১৬ চনত দশম শ্ৰেণীৰ উত্তীৰ্ণ হ’বলৈ নামভৰ্তীও কৰিছিল । অৱশ্যে তেওঁলোকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে । ইয়াৰ বিপৰীতে ২০১৫ বিনয়ে স্নাতক পাঠ্যক্ৰমত নামভৰ্তী কৰিছিল যদিও সেয়া তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে ।

You might also like