নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰ চৰাই ধৰক..১০০০ টকা লাভ কৰক

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ পাৰ চৰাই শান্তিৰ প্ৰতীক। শান্তিৰ প্ৰতীক হিচাপে পাৰ চৰাইক উৰুৱা হয়। পাৰ চৰাইৰ বাবে কৰবাত অশান্তি হোৱাৰ কথা শুনিছেনে? হয় এইবাৰ পাৰ চৰাইৰ বাবে আতংক বৃদ্ধি পাইছে গুজৰাটৰ বৰোদৰাত। বৰোদৰাৰ বিমান বন্দৰৰ টাৰ্মিনেলত এতিয়া পাৰৰ আতংক বৃদ্ধি পাইছে। যাৰ পৰিপেক্ষিতত বিমান বন্দৰৰ প্ৰশাসনে পাৰ চৰাই ধৰিলে ১০০০ টকালৈকে পুৰস্কাৰ ঘোষণা কৰিছে। ১৬০ কোটি টকাৰ ব্যয়ৰে আন্তৰ্জাতিক স্তৰৰ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছিল। উক্ত টাৰ্মিনেলটো নিৰ্মাণৰ আৰম্ভণিৰে পৰা ১৬যোৰ পাৰ চৰাইয়ে তাত বাস কৰি আহিছে। পাৰ চৰাই কেইটাৰ বাবে বিমান যাত্ৰী সকলে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। যাৰ পৰিপেক্ষিতত বিমান বন্দৰ কৰ্তৃপক্ষই পাৰ চৰাই ধৰা বিনিময়ত ১০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিবলৈ বাধ্য হৈছে।

You might also like