নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুলৱামাত সেনাৰ এনকাউণ্টাৰ; হিজবুল মুজাহিদীনৰ কমাণ্ডাৰসহ নিহত ৩ সন্ত্রাসবাদী

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ জম্মু–কাশ্মীৰৰ পুলৱামা জিলাত দেওবাৰে পুৱা সেনাই চলোৱা এনকাউণ্টাৰত হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ হামাদ খানৰ উপৰি আন দুটা সন্ত্রাসবাদী নিহত হয়৷

দক্ষিণ কাশ্মীৰৰ ট্রাল অঞ্চলত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলোৱা তালাচী অভিযানৰ সময়তে এই এনকাউণ্টাৰ সংঘটিত কৰে সেনাই৷ সেনাৰ দলটোক লক্ষ্য কৰি সন্ত্রাসবাদীৰ দল এটাই আক্রমণ কৰাত সেনাই প্রত্যাক্রমণত হত্যা কৰে এই দুই সন্ত্রাসবাদীক৷

অঞ্চলটোত আৰু সন্ত্রাসবাদী লুকাই থকা বুলি সেনাই সন্দেহ প্রকাশ কৰিছে৷ সেনাৰ সূত্র মতে নিহত হামিদে ২০১৭ চনত ছবজাৰ আহমেদ ভাটৰ মৃত্যুৰ পিছত হিজবুলৰ কমাণ্ডাৰ হিচাপে দায়িত্ব গ্রহণ কৰিছিল৷

উল্লেখ্য যে কালি দক্ষিণ কাশ্মীৰৰ অনন্তনাগত সেনাই অভিযান চলাই দুজনকৈ হিজবুল মুজাহিদীনৰ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰাৰ পিছত আজি পুলৱামাত এই এনকাউণ্টাৰ সংঘটিত হয়৷

You might also like