নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত সংঘর্ষ–বিক্ষোভত আক্রান্ত হ’ব ৭৫খন দেশ

আন্তর্জাতিক বিশ্লেষক সংস্থা ভাৰিস্ক মেপ্লেক্রফ্টৰ সতর্কবাণী

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ বিশ্বজুৰি অস্থিৰতা আৰু সংঘর্ষৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে এক আন্তর্জাতিক আর্থ–সামাজিক তথা ৰাজনৈতিক বিশ্লেষক সংস্থাই চলোৱা অধ্যয়নত চলিত বর্ষটো অধিক ভয়াৱহ হ’ব বুলি সতর্কবাণী কৰা হৈছে ৷ ভাৰিস্ক মেপ্লেক্রফ্ট নামৰ সংস্থাটোৰ গৱেষণা অনুসৰি, বিগত বর্ষটোত ৪৭খন দেশত গৃহযুদ্ধ তথা অস্থিৰতাৰ ঘটনাই পৰিস্থিতি উত্তাল কৰি তুলিছিল ৷ কিন্তু ২০২০ বর্ষটোত এনে অস্থিৰ দেশৰ সংখ্যা হৈ পৰিব ৭৫খন ৷ বিশ্লেষক সংস্থাটোৰ প্রতিবেদন অনুসৰি, হংকং আৰু চিলি হৈ পৰিব চলিত বর্ষটোত আটাইতকৈ বিপজ্জনক স্থান ৷ অভাৱনীয় প্রতিবাদ আৰু বিক্ষোভ হংকঙত বহু লোকৰ প্রাণহানিৰ কাৰণ হৈ পৰিব পাৰে ৷ সেইদৰে ভেনিজুৱেলা, ইৰান আৰু লিবিয়া হৈ পৰিব গণবিক্ষোভৰ উর্বৰ স্থলী ৷ এই দেশসমূহত জনতাৰ বিক্ষোভে সৃষ্টি কৰিব অশান্ত পৰিস্থিতি৷ সংস্থাটোৰ গৱেষণা অনুসৰি, পৃথিৱীৰ এক চতুর্থাংশ অশান্তজর্জৰ অঞ্চল হিচাপে চিহ্ণিত হ’ব বর্ষটোত৷ নাইজেৰিয়া, ছুডান, হাইটি, লেবানন আদি দেশত বিগত বর্ষত সংঘটিত সংঘর্ষ আৰু অস্থিৰতা চলিত বর্ষটোতো অব্যাহত থাকিব ৷ তথ্য অনুসৰি, লিবিয়া, গিনি, পেলেষ্টাইন, ইথি’পিয়া, বলিভিয়া আদি দেশত চলিত বর্ষত বিক্ষোভ আৰু প্রতিবাদে সকলো ধৰণৰ উন্নয়ন তথা প্রগতিত সৃষ্টি কৰিব হেঙাৰ ৷ ইয়াৰ উপৰি প্রতিবাদকাৰীৰ বাবে য়েমেন হৈ পৰিব পাৰে অতি ভয়াৱহ দেশ৷ সংস্থাটোৰ বিশ্লেষণ অনুসৰি, প্রতিবাদকাৰীৰ বাবে বধ্যভূমি হিচাপে চিহ্ণিত হৈ আছে উত্তৰ কোৰিয়া ৷

You might also like