নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাত গৃহীত এছ পি জি বিল

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ এছ পি জি বিল মঙলবাৰে ৰাজ্যসভাত গৃহীত কৰা হয়। এছ পি জি বিল খনৰ ওপৰত ভোটিং কৰাৰ সময়ত কংগ্ৰেছ দলটোৱে সদনৰ পৰা ৱাক আউট কৰে। এই বিলখনৰ চৰ্চাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে গান্ধী পৰিবাৰক নহয় সমগ্ৰ দেশৰ নাগৰিকক সুৰক্ষা দিবলৈ চৰকাৰ দায়বদ্ধ। লগতে তেওঁ কয় যে গান্ধী পৰিবাৰৰ সুৰক্ষা প্ৰত্যাহাৰ কৰা নাই, কেৱল পৰিৱৰ্তন কৰা হৈছে। নতুন বিলৰ মতে এছ পি জিৰ নিৰাপত্তা কেৱল পূৰ্ব প্ৰধানমন্ত্ৰীয়ে লাভ কৰিব। আইন সকলোৰে বাবে সমান। কোনো এক পৰিবাৰৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত লোৱা নাই। লগেত শ্বাহে কয় যদি মোডী প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰি যাব তেতিয়া তেওঁৰ এছ পি জি নিৰাপত্তা প্ৰত্যাহাৰ কৰা হ’ব।

You might also like