নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ অন্ধ্রপ্রদেশৰ জাল্লেৰু নদীত আজি এখন যাত্রীবাহী বাছ বাগৰি পৰাৰ ফলত বাছখনৰ চালকসহ ৯জন লোক নিহত হৈছে৷ অন্ধ্রপ্রদেশ ষ্টেট ৰোড ট্রেন্সপ’টৰ বাছখনে দলঙৰ পৰা নিয়ন্ত্রণ হেৰুৱাই নদীত বাগৰি পৰে বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ সমীপৱর্তী লোকে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰে কেইবাগৰাকীও যাত্রীক৷ পশ্চিম গোদাবৰী জিলাৰ জাংগাৰেড্ডী গুডেম অঞ্চলত সংঘটিত হৈছে এই শোকাৱহ পথ দুর্ঘটনা৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি বিপৰীত দিশৰ পৰা অহা ট্রাক এখনৰ সৈতে মুখামুখি সংঘর্ষ এৰাই চলিবলৈ চালকে দলঙৰ ৰেলিঙত গৈ বাছখনেৰে খুন্দা মাৰে৷ লগে লগে ৰেলিং ভাগি নদীত বাগৰি পৰে বাছখন৷ দুর্ঘটনাত আহত হৈছে অন্য ২২গৰাকী লোক৷