নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা আজাজ খানক মুম্বাইত গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ মহাৰাষ্ট্রৰ মুম্বাই আৰক্ষীয়ে ঘৃণাজনিত বক্তব্য আগবঢ়োৱাৰ অভিযোগত গ্রেপ্তাৰ কৰিছে বলীউডৰ অভিনেতা আজাজ খানক৷ উল্লেখনীয় যে ক’ৰোনা ভাইৰাছ আৰু অন্য সমস্যাক লৈ মুছলমানসকলক আক্রমণৰ লক্ষ্য হিচাপে সংবাদ মাধ্যমে বাছি লোৱা বুলি ছ’চিয়েল মিডিয়াযোগে অভব্য মন্তব্য আগবঢ়াইছিল অভিনেতাগৰাকীয়ে৷ কালি আৰক্ষীয়ে অভিনেতা গৰাকীক ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰিছে৷

You might also like