নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযানকাৰী ৮ আৰক্ষীক গুলীয়াই হত্যা

নিয়মীয়া বাৰ্তা, ৪জুলাইঃ উত্তৰ প্রদেশৰ কানপুৰত অপৰাধী এটাক গ্রেপ্তাৰ কৰিবলৈ যোৱা অভিযানকাৰী আৰক্ষী বাহিনীক এম্বুশ্ব কৰে৷ ৬০তকৈ অধিক অপৰাধমূলক গোচৰত জড়িত বিকাশ ডুবে নামৰ অপৰাধীজনক উত্তৰ প্রদেশৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ যাওঁতে আর্থকাটাৰেৰে আগুচি ধৰি এম্বুশ্ব কৰি গুলীচালনা কৰে৷

অপৰাধী চক্রটোৰ গুলীচালনাত ৮ আৰক্ষীয়ে প্রাণ হেৰুৱায়৷ কানপুৰৰ উপ–আৰক্ষী অধীক্ষক দীবেন্দ্র কুমাৰ মিশ্রই প্রকাশ কৰা মতে ৰাজ্যখনৰ ৰাজধানী লক্ষ্ণৌৰ পৰা ১৫০ কিলোমিটাৰ নিলগৰ ডিক্রু গাঁৱত অপৰাধী বিকাশ ডুবেক গ্রেপ্তাৰ কৰিবলৈ যাওঁতে গাঁওখনৰ পথত আর্থ কাটাৰেৰে আৰক্ষী বাহিনীক অৱৰোধ কৰি গুলীচালনা কৰে৷ আৰক্ষী আৰু অপৰাধী গোটটোৰ মাজত ধাৰাসাৰ গুলীবর্ষণ চলে৷ অপৰাধী গোটোৱে ৰাস্তাৰ দাঁতিৰ লগতে ওচৰতে থকা ঘৰৰ ছাদৰ পৰাও গুলীচালনা কৰে৷ তিনি ফালৰ পৰা অপৰাধী গোটটোৱে গুলীচালনা কৰাত আঠজন আৰক্ষী প্রাণ হেৰুৱায়৷ তিনিগৰাকী উপ–পৰিদর্শক, চাৰিগৰাকী কনিষ্টবলসহ আঠজন আৰক্ষীৰ লোক নিহত হোৱাৰ লগতে অপৰাধী গোটটোৰ দুজন আৰক্ষীৰ গুলীত নিহত হয়৷

উল্লেখ্য যে বিকাশ ডুবে নামৰ অপৰাধীজন ৰাজ্যখনৰ মন্ত্রী এগৰাকীক হত্যাৰ লগতে ৬০টা অপৰাধত জড়িত৷ হত্যা, অপহৰণ, ধন দাবী, সংঘর্ষ আদিৰ লেখীয়া গুৰুতৰ অপৰাধত জড়িত বিকাশ ডুবেৰ গোটৰ এই আক্রমণক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী যোগী আদিত্যনাথে নির্দেশ দিছে৷

You might also like