অমিত শ্বাহৰ বিৰুদ্ধে সমালোচনাত সৰৱ পশ্চিমবংগৰ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ১০জুনঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ মাজত বাক্যুদ্ধ তুংগত উঠিছে৷ গৃহমন্ত্রী অমিত শ্বাহে মমতাৰ শাসনত পশ্চিমবংগত গণতন্ত্র সংকটত পৰাৰ লগতে দুর্নীতিয়ে চৌদিশে ছানি ধৰা বুলি অভিযোগ কৰাৰ পিছতে আজি গৃহমন্ত্রী শ্বাহৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়াইছে মমতা বেনার্জীয়ে৷ ভাৰতক বিপদৰ সন্মুখীন কৰোৱাসকলৰ অভ্যন্তৰৰ এজন অমিত শ্বাহ বুলি আজি অভিহিত কৰে মমতা বেনার্জীয়ে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে মমতা বেনার্জীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে পশ্চিমবংগবাসীয়ে অমিত শ্বাহৰ দৰে ৰাজনীতিসকলক বর্জন কৰিব৷ লক্ষণীয়ভাৱে ৰাজ্যখনৰ ৰাজনৈতিক সংঘর্ষৰ বিষয়টোক লৈ বিজেপি আৰু তৃণমূল কংগ্রেছৰ মাজত সঘনে চলি আছে বাক্যুদ্ধ