নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক শিক্ষাবর্ষত হ্রাস পাব পাৰে বিদ্যালয়ৰ পাঠ্যক্রম

নিয়মীয়া বাৰ্তা, ১০জুনঃ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী ৰমেশ পোখ্ৰিয়ালে উল্লেখ কৰিছে যে চৰকাৰে আগন্তুক শিক্ষা বর্ষত বিদ্যালয়সমূহত পাঠ্যক্রম হ্রাস কৰাৰ লগতে শৈক্ষিক ঘণ্টা কমোৱাৰো চিন্তা–চর্চা চলাই আছে৷ বহু শিক্ষক তথা অভিভাৱকৰ বর্তমানৰ পৰিস্থিতিক লৈ জনোৱা অনুৰোধমর্মে কেন্দ্রীয় চৰকাৰে এই চিন্তা–চর্চা চলোৱা বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে৷ গতিকে মানৱ সম্পদ উন্নয়ন মন্ত্রীগৰাকীয়ে এই বিষয়টো সন্দর্ভত শিক্ষক–শিক্ষয়িত্রী তথা দেশৰ শিক্ষাবিদসকলৰ পৰামর্শ বিচাৰিছে৷ এই সন্দর্ভত ছ’চিয়েল মিডিয়া#syllabusForStudents2020ত ছ’চিয়েল মিডিয়াযোগে শিক্ষক–শিক্ষয়িত্রী আৰু শিক্ষাবিদসকলক পৰামর্শ আগবঢ়াবলৈ অনুৰোধ জনাইছে মন্ত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে এই সন্দর্ভত মানৱ সম্পদ উন্নয়ন মন্ত্রালয় আৰু শিক্ষাবিভাগৰ সচিবসকলৰ সৈতে এক আলোচনাতো মিলিত হৈছে মন্ত্রীগৰাকী৷

You might also like