নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ ৭ বছৰৰ কম শাস্তিৰ সন্মুখীন হোৱা কয়দীক মুকলিৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ আতংক। ভাৰততো মহামাৰীৰূপে দেখা দিছে এই ভাইৰাছে। বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কাইলৈৰ পৰা আদালত কক্ষত উপস্থিত থাকিব নালাগে গোচৰীয়া আৰু অভিযুক্তপক্ষ।ক’ৰণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। আনহাতে ন্যায়ালয়ৰ অধিবক্তাৰ কক্ষসমূহো ছেনিটাইজ কৰাৰো নিৰ্দেশ।
আনহাতে ৰাজ্যচৰকাৰ সমূহলৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৭ বছৰ বা তাতকৈ কম সময়ৰ বাবে সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত অপৰাধীসকলক জে’লৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

            উচ্চতম ন্যায়ালয়ৰ মুখ্যন্যায়াধীশসহ তিনিজনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰক এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিবলৈও নিৰ্দেশ দিয়ে। এই কমিটীখনে নিৰ্ধাৰণ কৰিব কোনে ৬সপ্তাহৰ অন্তঃবৰ্তীকালীন জামিন আৰু চৰ্ত সাপেক্ষে মুক্তি লাভ কৰিব। সাম্প্ৰতিক সময়ত দেশজুৰি ক’ৰণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা ।

 

You might also like