নিয়মীয়া, ২৩ মার্চঃ দেশজুৰি মাৰাত্মক ক’ৰোনাক প্রতিৰোধৰ বাবে কঠোৰ সতর্কতা ব্যৱস্থা চৰকাৰে গ্রহণ কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ত কালি অধিবক্তা সন্থাই ন্যায়ালয় চাৰি সপ্তাহৰ বাবে বন্ধ ৰখাৰ দাবী জনায় ৷ দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ ওচৰত অধিবক্তাসকলে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্রুত বিস্তাৰৰ বিষয়টোক গুৰুত্ব প্রদান কৰিয়েই শীর্ষ আদালতখনৰ কাম–কাজ চাৰি সপ্তাহৰ বাবে বন্ধ কৰিবলৈ আহ্বান জনাইছে ৷ উচ্চতম ন্যায়ালয় বাৰ এছ’চিয়েচন (এছচিবিএ)ৰ কার্যবাহী কমিটীৰ এক জৰুৰী বৈঠকত এই প্রস্তাৱ গ্রহণ কৰা হয় ৷ তাৎক্ষণিকভাৱে মুখ্য ন্যায়াধীশগৰাকীক ২৩ মার্চ অর্থাৎ কাইলৈৰ পৰা শীর্ষ আদালতখনৰ কাম–কাজ বন্ধ ৰখাৰ আহ্বানো জনোৱা হয় ৷ লক্ষণীয়ভাৱে ন্যায়ালয়ৰ এডভোকেটছ–ন–ৰেক এছ’চিয়েচনৰ তৰফৰ পৰাও ন্যায়াধীশ, অধিবক্তা তথা কর্মীসকলৰ সু–স্বাস্থ্যৰ বিষয়টোক গুৰুত্ব দি উচ্চতম ন্যায়ালয় দুসপ্তাহৰ বাবে বন্ধ ৰখাৰ দাবী জনোৱা হৈছে ।