নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উনাওৰ ধর্ষণত পুনৰ ১০ বছৰ কাৰাদণ্ড ছেনগাৰক

নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ উত্তৰ প্রদেশৰ বহিষৃকত বিজেপি বিধায়ক কুলদীপ সিং ছেনগাৰৰ বিৰুদ্ধে দিল্লীৰ এখন আদালতে আজি পুনৰ ১০ বছৰৰ কাৰাদণ্ড ঘোষণা কৰিছে৷ দিল্লীৰ তিছ হাজাৰী আদালতে কুলদীপ সিং ছেনগাৰ আৰু আন সাতগৰাকী অভিযুক্তক ১০ বছৰকৈ কাৰাদণ্ডৰ ৰায় শুনাইছে৷ উনাওৰ ধর্ষণৰ বলি যুৱতীৰ পিতৃক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে ছেনগাৰসহ ৮জন অভিযুক্তক৷ উল্লেখনীয় যে আদালতখনে ছেনগাৰ আৰু তেওঁৰ ভাতৃ অতুলক ১০ লাখ টকাকৈ ধর্ষণৰ বলি যুৱতীৰ পৰিয়ালটোক আদায় দিবলৈও নির্দেশ দিছে৷ ২০১৮ৰ ৯ এপ্রিলত ন্যায়িক জিম্মাত ধর্ষিতা যুৱতীৰ পিতৃ নিহত হৈছিল৷ উনাওৰ ধর্ষণৰ গোচৰত দ্বিতীয়বাৰৰ কাৰণে শাস্তিৰ ৰায় লাভ কৰিছে কুলদীপ সিং ছেনগাৰে৷ ইয়াৰ পূর্বে ছেনগাৰে লাভ কৰিছিল যাৱজ্জীৱন কাৰাদণ্ড৷ কুলদীপ সিং ছেনগাৰৰ বাবে উনাওৰ গোচৰে কঢ়িয়াই আনিছে চৰম হতাশা।

You might also like