নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এণ্টিপেৰাছাইটিক ঔষধে ধ্বংস কৰে ক’ভিড-১৯

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ মহামাৰী ক’ভিড-১৯ৰ প্ৰতিষেধক ছিটা উদ্ভাৱনৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এণ্টিপেৰাছাইটিক ঔষধে ক’ভিড-১৯ ধ্বংস কৰিব পাৰে বুলি দাবী কৰিছে অষ্ট্ৰেলিয়াৰ গৱেষক-চিকিৎসা বিজ্ঞানীয়ে। অষ্ট্ৰেলিয়াৰ মেলব’ৰ্নৰ ম’নাছ বিশ্ববিদ্যালয়ৰ বায়’মেডিছিন ডিস্কভাৰী ইনষ্টিটিউট আৰু পিটাৰ ড’হাৰ্টি ইনষ্টিটিউট অৱ ইনফেকচন এণ্ড ইমিউনিটীয়ে চলোৱা যুটীয়া অধ্যয়নত এণ্টিপেৰাছাইটিক ঔষধ ইভাৰমেকটিনে ৪৮ঘণ্টাৰ ভিতৰতে ক’ভিড-১৯ক ধ্বংস কৰিব পাৰে বুলি নিশ্চিত হৈছে বুলি দাবী কৰিছে। ইভাৰমেকটিনে ক’ভিড-১৯ৰ দ্ৰুত বিকশিত কোষ ৪৮ঘণ্টাৰ ভিতৰতে ধ্বংস কৰিব পাৰে বুলি বিজ্ঞানীয়ে দাবী কৰিছে। বিশ্ববাসীক ত্ৰাসিত কৰাক’ভিড-১৯ক লৈ অষ্ট্ৰেলিয়াৰ গৱেষকৰ উদ্ভাৱন এক আশাৰ বতৰা।

You might also like