নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত সংঘৰ্ষত নিহত পাকিস্তানে প্ৰেৰণ কৰা হিজবুল মুজাহিদীনৰ ৪ সদস্য

মানৱ সভ্যতাৰ সংকট কালতো ইছলামাবাদৰ জঘন্য কাণ্ড

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ যি সময়ত সমগ্ৰ বিশ্বই ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে, তেনে সময়তে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপত সহযোগ কৰি আহিছে । মানৱ সভ্যতাৰ মহাসংকটৰ কালত ভাৰতৰ লগতে পাকিস্তানেও যুঁজ দিব লগা হৈছে প্ৰাণঘাতী মহামাৰীৰ বিৰুদ্ধে । তথাপি চুবুৰীয়া দেশখনে সাহাৰ্য আৰু সহযোগ আগবঢ়োৱা বাদেই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনে যোৱা দুসপ্তাহ ধৰি সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছিল । পাক সমৰ্থিত সন্ত্ৰাসবাদী গোটটোৱে যোৱা ১২ দিনত দক্ষিণ কাশ্মীৰত ৪ জন ভাৰতীয় নাগৰিকক গুলীয়াই হত্যা কৰাৰ পাছত শনিবাৰে সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত ৪ জনকৈ সন্ত্ৰাসবাদীক এনকাউণ্টাৰত গুলীয়াই হত্যা কৰে । এই একাউণ্টাৰ সংঘটিত হয় জম্মু-কাশ্মীৰৰ কুলগাম জিলাত । শনিবাৰে পুৱা ৫.৪৫ বজাত জিলাখনৰ বাটপৰা গাঁৱত চিআৰপিএফ, আৰক্ষী আৰু ৰাষ্ট্ৰীয় ৰাইফলছৰ যুটীয়া অভিযানত এই ৪ সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদীকেইটাৰ তিনিটাক কুলগামৰ ফায়াজ, আদিল আৰু মহম্মদ শ্বাহিদ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ।

You might also like