নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুটুবমিনাৰত পূজাৰ অনুমতি বিচৰা আবেদন অগ্রাহ্য ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: কুটুবমিনাৰত পূজা–র্চনা আগবঢ়োৱাৰ অনুমতি বিচাৰি জনোৱা এক আবেদন অগ্রাহ্য কৰিছে উচ্চতম ন্যায়ালয়ে৷ দেশৰ শীর্ষ আদালতখনৰ বিচাৰপতি নেহা শর্মাৰ বিচাৰপীঠে এই আবেদন অগ্রাহ্য কৰাৰ সময়ত উল্লেখ কৰে যে ভাৰতৰ সাংস্কৃতিক ইতিহাস খুবেই সমৃদ্ধ৷ বিভিন্ন সময়ত পৃথক পৃথক সাম্রাজ্যৰ শাসন চলিছিল এই দেশখনত৷ অতীতত যে বহু ভুল আৰু অন্যায় হৈছিল, সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু অতীতৰ ভুল–ভ্রান্তিৰ ওপৰত ভিত্তি কৰি দেশৰ বর্তমান আৰু ভৱিষ্যতৰ শান্তি বিঘ্ণিত কৰাৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰে বুলি বিচাৰপতিগৰাকীয়ে উল্লেখ কৰে৷ স্মর্তব্য যে অযোধ্যাৰ বিবদমান ধর্মীয় স্থানত ৰাম মন্দিৰ নির্মাণৰ সপক্ষে শীর্ষ আদালতে ৰায়দান কৰাৰ পিছতে বহু বিতর্কিত মছজিদ স্থানত পূজা–র্চনাৰ অনুমতি বিচাৰি দাবী উত্থাপন কৰিছে একাংশ লোকে৷

You might also like