নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছৰ দ্বাৰা এজনো লোক সংক্রমিত হোৱা নাই উত্তৰ কোৰিয়াত

নিয়মীয়া বার্তা, ১৯ মার্চঃ কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াত এজনো লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা নাই৷ দেশখনৰ চৰকাৰে এই তথ্য সদৰী কৰিছে৷ প্রতিৱেশী দক্ষিণ কোৰিয়াত ক’ৰোনা ভাইৰাছৰ সংক্রমণে আশংকাৰ সৃষ্টি কৰা সময়তে উত্তৰ কোৰিয়া চৰকাৰে এজনো লোক ক’ৰোনাত আক্রান্ত হোৱা নাই বুলি সদৰী কৰা বিষয়টোক কেন্দ্র কৰি বিভিন্ন মহলত সৃষ্টি হৈছে সন্দেহ৷

স্মর্তব্য যে উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে জানুৱাৰীৰ প্রথমটো সপ্তাহতেই ক’ৰোনাৰ আক্রমণৰ পৰা দেশখনক ৰক্ষা কৰিবলৈ সীমান্ত পথ বন্ধ কৰি দিছে৷ বিদেশৰ পৰা অহা কোনো ভাইৰাছৰ দ্বাৰা দেশৰ নাগৰিকসকলৰ জীৱন বিপন্ন হ’বলৈ দিয়া নহ’ব বুলি ঘোষণা কৰিছিল কিমে৷

উল্লেখনীয় যে ক’ৰোনা ভাইৰাছৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা চীন হৈছে উত্তৰ কোৰিয়াৰ ঘনিষ্ঠ বন্ধু৷ সঘনে উত্তৰ কোৰিয়া আৰু চীনৰ মাজত নাগৰিকসকলৰ যাতায়াত চলি আছে৷ তৎসত্ত্বেও উত্তৰ কোৰিয়াৰ এজনো লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা নাই বুলি দেশখনৰ চৰকাৰে ঘোষণা কৰাৰ লগে লগে বিষয়টোক লৈ আন্তর্জাতিক মহলত সৃষ্টি হৈছে সন্দেহ৷ দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি উত্তৰ কোৰিয়াই এই সন্দর্ভত সকলো তথ্য গোপন কৰিছে৷

You might also like