নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সংকটে পৃথিৱীজুৰি সৃষ্টি কৰিব অস্থিৰতা

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছৰ সতৰ্কবাণী

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ প্ৰাণঘাতী ক’ৰোনা ভাইৰাছৰ বিশ্বজুৰি বিস্তাৰৰ বাবে অসহায় হৈ পৰিছে বিভিন্ন দেশ। এই মৰাত্মক ভাইৰাছবিধ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশ্বৰ দেশসমূহে আশানুৰূপ ফল দেখুৱাবলৈ সক্ষম হোৱা নাই। বিশ্বৰ সৰ্বোচ্চ সংস্থা ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এয়া পৃথিৱী গ্ৰহৰ বাবে বৃহৎ ভাবুকি বুলি ঘোষণা কৰিছে।
লক্ষণীয়ভাৱে বিশ্বজুৰি মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যাই ৯ লাখ স্পৰ্শ কৰিবলৈ কিছু বাকী। এই মহামাৰীত প্ৰাণ হেৰুৱাইছে ৪২ সহস্ৰাধিক লোকে। গতিকে ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশ্বৰ দেশসমূহে অধিক কঠোৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীয়ে। এই ভাইৰাছবিধৰ সংক্ৰমণে পৃথিৱীজুৰি যি সংকট সৃষ্টি কৰিছে, তাৰ জৰিয়তে দীৰ্ঘদিনলৈ সৃষ্টি হ’ব পাৰে অভাৱনীয় অস্থিৰতা। এই অস্থিৰতাই সংঘৰ্ষ তথা যুদ্ধৰ সূচনা কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে গুটেৰেছে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱী গ্ৰহৰ প্ৰতি নামি আহিছে অকল্পনীয় ভাবুকি। বিশ্বৰ এই মহাসংকটৰ সময়ত ৰাজনৈতিক মতবিৰোধ
পৰিহাৰ কৰি মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণত প্ৰতিৰোধ লগাবলৈ সকলো দেশ ঐক্যবদ্ধ হোৱাৰ গত্যন্তৰ নাই বুলিও উল্লেখ কৰিছে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ নেতাগৰাকীয়ে। বিশ্ব মানৱীয়তাক ৰক্ষাৰ বাবেই এতিয়া সকলোৱে ঐক্যবদ্ধভাৱে ভাইৰাছবিধৰ মোকাবিলা কৰিব লাগিব বুলিও গুটেৰেছে সংবাদ মাধ্যমক জনাইছে।

You might also like