নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসত ভাৰতে নেপালক উপহাৰ দিলে ৩০ এম্বুলেন্স আৰু ৬ খন বাছ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৭১ সংখ্যক গণৰাজ্য দিৱস । এই বিশেষ দিনটোত ভাৰতে নেপাললৈ আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ উপহাৰ ।

দেওবাৰে ভাৰতে দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নেপালৰ বিভিন্ন হাস্পতাল, স্বেচ্ছাসেৱী সংস্থা আৰু শিক্ষাপ্রতিষ্ঠানক ৩০ খন এম্বুলেন্স আৰু ছখন বাছ উপহাৰ দিয়ে ।

আজি নেপালত কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসত ভাৰতৰ গণৰাজ্য দিৱস পালন কৰা হয় । এই অনুষ্ঠানতে চার্জ ডি এফায়াৰ অজয় ​​কুমাৰে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰৰণ কৰা এই বাৰ্তাটো পাঠ কৰে ।

উল্লেখ্য যে চুবুৰীয়া দেশখনৰ সৈতে আর্থ-সামাজিক উন্নয়নৰ যাত্রাত সহযোগ কৰি ভাৰতে এই এম্বুলেন্স আৰু বাছকেইখন আজি উপহাৰ দিছে বুলি বাৰ্তাটোত প্ৰকাশ পাইছে ।

ইপিনে গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত নেপাল সেনাৰ বেণ্ডে এক সুন্দৰ অনুষ্ঠান পৰিবেশন কৰে । য’ত এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে দেশখনৰ উপৰাষ্ট্ৰপতি নন্দ বাহাদুৰ পুনে থকাৰ লগতে প্ৰায় ১৫০০ লোক উপস্থিত থাকে ।

You might also like