নিয়মীয়া বার্তা, ৪ জুনঃ গুজৰাটৰ ভাৰুছ জিলাৰ দহেজত অৱস্থিত এটি ৰাসায়নিক কাৰখানাত বয়লাৰ বিস্ফোৰণ ঘটাত অতি কমেও পাঁচজন শ্রমিক নিহত হোৱাৰ লগতে ৫০ৰো অধিক লোক আহত হৈছে৷
ভাৰুছ জিলাৰ আৰক্ষী অধীক্ষক আৰ ভি ছুদাশর্মাই প্রকাশ কৰা মতে, ভাৰুছৰ দহেজ ঔদ্যোগিক ক্ষেত্রত অৱস্থিত যশস্বী ৰসায়ন প্রাইভেট লিমিটেডত ‘টেংক’ত ভয়াৱহ বিস্ফোৰণ ঘটাত অতি কমেও ৫ জন কর্মচাৰীৰ মৃত্যু ঘটিছে৷ ৫০ৰো অধিক কর্মচাৰী অগ্ণিদগ্ধ হৈছে৷
আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আহতসকলক চিকিৎসালয়লৈ প্রেৰণ কৰিছে৷ সেই বিস্ফোৰণত মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে৷ ৰাসায়নিক কাৰখানাটোত বিস্ফোৰণ ঘটাত বিষাক্ত গেছ আৰু ৰাসায়নিক পদার্থ নির্গত হোৱাৰ পৰিপ্রেক্ষিতত অঞ্চলটোত থকা কিছু লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷
ইপিনে, ভাৰুছৰ জিলা উপায়ুক্ত ড০ এম ডি মোদিয়াই প্রকাশ কৰা মতে, কাৰখানাত পাঁচজন লোকৰ প্রাণহানি হৈছে আৰু ৫৭ জন আহত হৈছে৷ আহত কর্মচাৰীক বিভিন্ন চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ ঘটনাটি কিদৰে সংঘটিত হ’ল সেয়া তদন্ত কৰা হ’ব বুলিও উপায়ুক্তগৰাকীয়ে প্রকাশ কৰিছে৷