নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ ৰাজ্যসভাৰ নির্বাচনৰ পূর্বে চাৰি বিধায়কে পদত্যাগ কৰাৰ পিছত কংগ্রেছ দলে ইয়াৰ ৩৭গৰাকী বিধায়কক ৰাজস্থানৰ জয়পুৰলৈ স্থানান্তৰ কৰিছে ৷ বিজেপিয়ে যাতে হর্ছট্রেডিং কৰিব নোৱাৰে সেই বিষয়টোৰ ওপৰত নজৰ দিয়েই দেওবাৰে জয়পুৰলৈ আনি বিধায়কসকলক ৰাখিছে কংগ্রেছে ৷ উল্লেখনীয় যে ২৬ মার্চত গুজৰাটৰ লগতে সমগ্র দেশৰ কেইবাখনো আসনত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নির্বাচন ৷ জয়পুৰৰ হোটেল ‘শিৱ বিলাস’ত এই বিধায়কসকলক ৰখা হৈছে ৷ সংবাদ সূত্রই সদৰী কৰা অনুসৰি দলটোৰ পাঁচগৰাকী বিধায়কে বিধানসভাৰ অধ্যক্ষলৈ পদত্যাগ পত্র প্রেৰণ কৰিছিল ৷ ইয়াৰে চাৰিগৰাকীৰহে পদত্যাগ পত্র গ্রহণ কৰিছে অধ্যক্ষগৰাকীয়ে ৷ পদত্যাগ কৰা এই চাৰি কংগ্রেছ বিধায়ক হৈছে মংগল গভিট, জেভি কাকাডিয়া, সোমাভাই পেটেল আৰু প্রদ্যুমান জাদেজা ৷ অধিক বিধায়কে যাতে পদত্যাগ কৰিব নোৱাৰে সেই বিষয়টোত বিশেষ নজৰ দিছে দলীয় নেতৃত্বই ৷