নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱান দখলৰ পৰিকল্পনা চীনা সেনাৰ; অডিঅ’ ফাদিল

নিয়মীয়া বাৰ্তা, ২৪ মে : জাপানত চতুর্দেশীয় জোঁট ‘কোৱাড’ৰ সন্মিলনৰ প্রাকক্ষণতেই টাইৱান দখল কৰিবলৈ চীনে গ্রহণ কৰা পৰিকল্পনা ফাদিল হৈছে৷ এটা টেলিভিছন চেনেলত প্রকাশ পাইছে ফাদিল হোৱা এক অডি’ৰ সবিশেষ তথ্য৷ এই অডি’ত শুনিবলৈ পোৱা গৈছে চীনৰ কমিউনিষ্ট পার্টী আৰু দেশখনৰ সেনা বিষয়াসকলে টাইৱান দখলৰ পৰিকল্পনাক লৈ চলোৱা আলোচনাৰ সবিশেষ৷ চেনেলটোৱে দাবী কৰা অনুসৰি চীনা কমিউনিষ্ট পার্টীৰ এগৰাকী নেতাই ফাদিল কৰিছে এই অডি’৷ গুৱাংডং প্রদেশৰ গৱর্নৰ, কমিউনিষ্ট পার্টীৰ সম্পাদক আৰু চীনা পিপ’লছ লিবাৰেচন আর্মী (পিএলএ)ৰ মেজৰ জেনেৰেল পর্যায়ৰ সামৰিক কমাণ্ডাৰ এগৰাকীৰ বার্তালাপত টাইৱান দখলৰ পৰিকল্পনাৰ কথা পোহৰলৈ আহিছে৷

ড্রোন আৰু নৌ সেনাক সংগঠিত কৰাৰ উপৰি টাইৱানৰ ওপৰত নজৰদাৰীৰ কামত একাধিক উপগ্রহ ব্যৱহাৰৰ কথাও আলোচনাত শুনিবলৈ পোৱা গৈছে৷ গুৱাংডং প্রদেশত ১,৪০,০০০ সেনা, যুদ্ধ জাহাজসহ বিভিন্ন ধৰণৰ ৯৫৩খন সামৰিক জলযান, বিপুল পৰিমাণৰ সামৰিক সৰঞ্জাম আৰু ইন্ধন মজুত কৰা হৈছে বুলি এই আলোচনাত স্পষ্ট হৈছে৷ এই অডি’ ফাদিল হোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ আনকি ‘কোৱাড’ সন্মিলনৰ বাবে জাপানত উপস্থিত হোৱা মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে চীনলৈ সকীয়নি দি কৈছে যে টাইৱানৰ ওপৰত আক্রমণ চলালে আমেৰিকাও যুদ্ধত নামি পৰিব৷ বিষয়টোক লৈ ইতিমধ্যে সৃষ্টি হৈছে তীব্র উত্তেজনা৷

স্মর্তব্য যে কাইলৈ জাপানত ভাৰত–ষ্ট্রেলিয়া আৰু আমেৰিকাৰ শীর্ষ নেতৃত্বৰ লগতে দেশখনৰ নেতাসকল ‘কোৱাড’ সন্মিলনত মিলিত হ’ব৷ এই সন্মিলনত বিষয়টো আলোচনালৈ আহিব পাৰে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷

You might also like