নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজৰ কর্কট ৰোগত আক্রান্ত অভিনেতা অনুপমৰ পত্নী কিৰণ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বলীউডৰ জনপ্রিয় অভিনেতা অনুপম খেৰে তেওঁৰ পত্নী কিৰণ খেৰ কর্কট ৰোগত আক্রান্ত হৈ থকা বুলি ঘোষণা কৰিছে৷ অভিনেতাগৰাকীয়ে আজি ছ’চিয়েল মিডিয়া টুইটাৰযোগে সদৰী কৰা অনুসৰি অভিনেত্রী তথা ৰাজনীতিক কিৰণ খেৰে তেজৰ কর্কট ৰোগৰ সৈতে যুঁজি আছে৷ ছ’চিয়েল মিডিয়াত অনুপম খেৰে উল্লেখ কৰা অনুসৰি তেওঁৰ পত্নীক মায়েল’মাৰ চিকিৎসা কৰা হৈছে৷ মায়েল’মা হৈছে একপ্রকাৰ তেজৰ কর্কট ৰোগ৷

অৱশ্যে এই ৰোগৰ পৰা কিৰণ শীঘ্রে আৰোগ্য হৈ উঠিব বুলি আশা প্রকাশ কৰিছে অভিনেতাগৰাকীয়ে৷ অতি দৃঢ়মনা কিৰণক কোনো ৰোগেই বশ কৰিব নোৱাৰে বুলিও উল্লেখ কৰিছে অনুপম খেৰে৷

ইফালে, কিৰণ খেৰৰ এই ৰোগৰ কথা সদৰী হোৱাৰ লগে লগে অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে৷ এই মুহূর্তত অনুৰাগীসকলৰ শুভকামনা আৰু আশীর্বাদেই কিৰণক ৰোগৰ সৈতে যুঁজিবলৈ অধিক সাহস দিয়া বুলিও অনুপম খেৰে ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে৷ অনুপম খেৰৰ উপৰি তেওঁৰ পুত্র ছিকন্দৰেও শীঘ্রে মাতৃ কিৰণ সুস্থ হৈ উঠিব বুলি আশা প্রকাশ কৰিছে৷

You might also like